অশ্ৰুসিক্ত নয়নেৰে শক্তিদেৱীক বিদায় মথুৰাপুৰত…

অশ্ৰুসিক্ত নয়নেৰে শক্তিদেৱীক বিদায় মথুৰাপুৰত…

ডিজিটেল সংবাদ, চৰাইদেউঃ প্ৰতি বছৰৰ দৰে এইবোৰ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে মথুৰাপুৰ ৰাজহুৱা পূজা ফিল্ডত কোৰোনা মাজতে চাৰিদিনীয়াকৈ উলহ-মালহেৰে শাৰদীয় দূৰ্গোসৱৰ পালন কৰা হয় ।

কোভিড প্ৰট'কলৰ সকলো নীতিনিয়মৰ দুর্গা পূজাৰ আজি বিজয়া দশমী দিনা অশ্ৰুসিক্ত নয়নেৰে ভক্তই বিদায় দিয়ে শক্তিদেৱী দূৰ্গা মাক ৷ উল্লেখ্য যে এইবাৰ পূজাৰ মহাঅষ্টম আৰু নৱমীৰ দিনা পৰম্পৰা ৰখা কৰি হাঁহ, ছাগলী ,কোমোৰা আৰু পাৰ বলি দিয়া হয় ।

দশমী দিনা মহিলা সকলে পৰম্পৰাগত সেন্দুৰ খেলাৰ পিচতেই দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰে । আৰক্ষীৰ কটকটীয়া নিৰাপত্তা মাজতে নিমনাগড় নদীৰ ঘাটত উপস্থিত হৈ শান্তিপূৰ্ণ ভাৱে দেৱী মূৰ্তি বিৰ্সজন দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in