মথুৰাপুৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান

মথুৰাপুৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ, মথুৰাপুৰঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মথুৰাপুৰ ব্ল'চম পাব্লিক স্কুলৰ পৰা সফলতা অৰ্জন কৰা কৃতী ছাত্ৰ- ছাত্ৰীসকলক বুধবাৰে বিদ্যালয়ৰ তৰফৰ পৰা অনুষ্ঠিকভাৱে সম্বৰ্ধনা জনোৱা হয়৷ বিদ্যালয়তখনত ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা সমবেত সংগীতৰ পিছতে সম্বৰ্ধনা সভাখনি শুভাৰম্ভ হয়৷

মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মঞ্জু ৰাজকোঁৱৰ, অধ্যক্ষা প্ৰণীতা ৰাভা মেছকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাখনিত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষানুষ্ঠানখনৰ পৰা সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক গামোছা, মানপত্ৰ আৰু বিভিন্ন উপহাৰে সম্বৰ্ধনা জনোৱা হয়৷

উল্লেখ্য যে, শিক্ষানুষ্ঠানখনে পূৰ্বৰ দৰে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবছৰৰো বিদ্যালয়খনৰ এশ শতাংশ ছাত্ৰীয়েই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণহয়। বিদ্যালয়খনৰ পৰা এইবাৰ অৱতীৰ্ণ হোৱা পোন্ধৰ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৩ গৰাকীয়ে প্ৰথম স্থান আৰু দুগৰাকীয়ে দ্বিতীয় স্থান লাভ কৰে৷ ইয়াৰে ৪ গৰাকীয়ে ষ্টাৰ মাৰ্ক আৰু বাকী ৯ গৰাকীয়ে লেটাৰ মাৰ্কসহ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়৷ কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানটোত শিক্ষক-শিক্ষয়িত্ৰী, অভিবাবকৰ লগতে শিক্ষাৰ্থীসকল উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in