নিশা বৌ বজাৰত বিধ্বংসী অগ্নিকাণ্ডঃ চাৰিখন দোকান ভস্মীভূত…

নিশা বৌ বজাৰত বিধ্বংসী অগ্নিকাণ্ডঃ চাৰিখন দোকান ভস্মীভূত…

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বৌ-বজাৰত নিশা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ চাৰিটাকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ প্ৰায় ১০ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন হয়। মঙ্গলবাৰে নিশা প্ৰায় ১২ঃ১০ বজাত হঠাত সুখচৰৰ বৌ-বজাৰত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ ৰাফেদ আলী আহমেদৰ ফাৰ্মাচী, হোলছেল ব্যৱসায়ী তাৰামিয়াৰ পান দোকান, সঞ্জন শীলৰ ছেলুন আৰু আকিদুৰ ৰহমানৰ এখন গেলামালৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষী তথা হাটশিঙিমাৰী অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ব্যৱসায়ী সকলে দোকান বন্ধ কৰি ঘৰলৈ গৈ নিশাৰ আহাৰ গ্ৰহন কৰি টোপনী যোৱাৰ পাছত ৰহস্যজনক ভাবে ফাৰ্মাচী খনৰ পৰা জুইৰ সুত্ৰপাত ঘটা ঘটনাক লৈ দূস্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰি দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আনহাতে এই অগ্নি কাণ্ডৰ ফলত ব্যৱাসায়ী সকলে বিস্তৰ ক্ষতিৰ সম্মুখীন হোৱাত চৰকাৰৰ ওচৰত ক্ষতি পূৰণৰ বাবে দাবী জনাছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in