দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ ৰাভাচলাত লোমহৰ্ষক হত্যাকাণ্ড…

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ ৰাভাচলাত লোমহৰ্ষক হত্যাকাণ্ড…

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : ধুবুৰী জিলাৰ দক্ষিণ শালমাৰাৰ ৰাভাচলাত যোৱা নিশা এগৰাকী যুৱকক দূবৃত্তই শোৱাপাটীত ডেগাৰেৰে ডিঙি কাটি হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে ফকিৰগঞ্জ থানা এলেকাৰ ৰাভাচলা গাওঁৰ ৰসিদ ইছলামৰ পুত্ৰ ছফিকুল ইছলাম (৩৫) যোৱা নিশা আহাৰ গ্ৰহন কৰি অকলে ঘৰত শুবলৈ যোৱাৰ পাছত দূবৃত্তই যুৱকজনক ডিঙি কাটি হত্যা কৰি পলায়ন কৰে।

পুৱাৰ ভাগত পৰিয়ালৰ লোকে ঘৰখনৰ দৰ্জা খুলি প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ফকিৰগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিতসালয়ত প্ৰেৰণ কৰে।ইফালে যুৱক জন অসম তথা মেঘালয়ৰ কেবাটাও অপহৰণ, চুৰি-ডকাইতিকে ধৰি বিভিন্ন অপৰাধমূলক কামৰ সৈতে জৰিত থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

তেওঁৰ নামত কেবাটাও গোচৰ থকা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়াৰ লগতে এই হত্যাকাণ্ডৰ ঘটনাৰ লগত জৰিত তেওঁৰ সহযোগী হব পাৰে বুলি ধাৰণা কৰা হৈছে। প্ৰকৃততে কোনে কি কাৰণত হত্যা কৰিলে সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ তদন্তৰ পাছত প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in