দহ ঘণ্টীয়া বন্ধত স্তব্ধ ইষ্টাৰ্ণ নাগালেণ্ডঃ ২০ ডিচেম্বৰত আফস্পা বাতিলৰ বাবে বিধানসভাৰ বিশেষ অধিবেশন…

দহ ঘণ্টীয়া বন্ধত স্তব্ধ ইষ্টাৰ্ণ নাগালেণ্ডঃ ২০ ডিচেম্বৰত আফস্পা বাতিলৰ বাবে বিধানসভাৰ বিশেষ অধিবেশন…

ডিজিটেল সংবাদ ৱাখাঃ ৪ আৰু ৫ ডিচেম্বৰৰ ম'ন জিলাৰ অটিঙত ১৪ নিৰীহ নাগৰিকক সেনাই গণহত্যা কৰাৰ পিছতে নাগালেণ্ডৰ পৰিস্থিতি পুনৰ ক্ৰমাৎ জটিল হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ভুক্তভোগী পৰিয়ালৰ ন্যায় আৰু আফস্পা আইন বাতিলৰ দাবীত কন্যাকে ইউনিয়ন আৰু ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনে আহবান জনোৱা মন আৰু অন্য চাৰিখন জিলাৰ ১০ ঘণ্টীয়া বন্ধত জন জীৱন স্তব্ধ হৈ পৰে। ট্ৰাইবেল ব'ডী , চিভিল ছ'চাইটি আৰু কন্যাক ইউনিয়নে আহবান জনোৱা ১০ ঘণ্টীয়া বন্ধ পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজাত অন্ত পৰে ।

এই বন্ধ সময়চোৱাত মন জিলাৰ সকলো দোকান -পোহাৰ, চৰকাৰী-বেচৰকাৰী স্কুল, কলেজ, ব্যৱসায় প্ৰতিষ্ঠান আৰু যাতায়ত সম্পূৰ্ণৰূপে বন্ধ থাকে । ইয়াৰ মাজতে কন্যাক ইউনিয়ন আৰু ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনৰ উদ্যোগত চহৰখনৰ মাজেৰে সহস্ৰাধিক লোকে হাতে হাতে প্লে'কাৰ্ড বেনাৰ আৰু ফেষ্টুন লৈ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, আফস্পা বাতিলৰ দাবীত উই ৱাণ্ট জাষ্টিচ, ৰিপিল আফস্পা , ইণ্ডিয়ান আৰ্মি গ'বেক , শ্লগানেৰে কেইবা কিলোমিটাৰ পথত প্ৰতিবাদী সমদল উলিয়াই মন চহৰৰ আকাশ বতাহ কঁপাই তোলে।

ম'ন জিলাৰ প্ৰতিবাদী জনতাই কয়, কেন্দ্ৰীয় চৰকাৰৰ পৰা অটিঙৰ গণহত্যাৰ ন্যায় নোপোৱা পৰ্যন্ত , দোষী সেনাৰ ৰাজহুৱা শাস্তি প্ৰদান আৰু বিৰ্তকিত আফস্পা বাতিল নকৰা পৰ্যন্ত কন্যাক নগাসকল ক্ষান্ত নহয় । তেওঁলোকে এই প্ৰতিবাদ ক্ৰমাৎ অধিক ভয়াবহ ৰূপত গঢ়ি তোলা হ'ব বুলি কঠোৰ সকীয়নী প্ৰদান কৰিছে । ইফালে অটিঙৰ গণহত্যাৰ প্ৰতিবাদ আৰু আফস্পা প্ৰত্যাহাৰৰ দাবীত ইষ্টাৰ্ণ নাগালেণ্ড পিপল অৰ্গেনাইজেচনৰ উদ্যোগত ম'ন জিলাৰ উপৰিও টুৱেনচাঙ , নকলাক, কিফিৰি আৰু লংলেঙ জিলাতো সহস্ৰাধিক জনতাই শান্তিপূৰ্ণ সমদল উলিয়াই ' আফস্পা আইন বাতিল কৰক ,আমি ন্যায় বিচাৰিছো , বিভিন্ন শ্লগান দি বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

উল্লেখযোগ্য যে প্ৰতিবাদী কাৰ্যসূচীৰ পিছত ম'ন জিলাৰ প্ৰত্যেকখন বাহনত ক'লা পতাকা উত্তোলন আৰু কলা বেজ পৰিধান কৰি সেনাৰ নৃশংস হত্যাযজ্ঞক ধিক্কাৰ দিয়ে । ইপিনে ইষ্টাৰ্ণ নাগালেণ্ডত প্ৰতিবাদী জনতাৰ ধাৰাবাহিক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নাগালেণ্ডৰ আইন শৃংখলা পৰিস্থিতি অধিক জটিল হোৱাৰ শংকা কৰি নেইফিউ ৰিঅ'ৰ চৰকাৰে বিয়লি আঢ়ৈ বজাত ৰাজধানী ক'হিমাত এখন বিশেষ কেবিনেট বৈঠক অনুষ্ঠিত কৰে । কেবিনেট বৈঠকৰ কথা সদৰি কৰি নাগালেণ্ড চৰকাৰৰ মুখপাত্ৰ মহনলমু কিকনে কয় যে, কেবিনেটত মুখ্যতঃ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন আফস্পা বাতিলৰ বাবে বিধানসভা বিশেষ অধিবেশনৰ সন্দৰ্ভত আলোচনা কৰা হয় । কিয়নো অহা ২০ ডিচেম্বৰত আফস্পা বাতিলৰ প্ৰস্তাৱ অনুমোদন জনাবৰ বাবে নাগালেণ্ড বিধানসভাৰ বিশেষ অধিবেশন আহবান কৰা হৈছে ।

কিকনে কয় যে নাগালেণ্ডৰ বৰ্তমানৰ পৰিস্থিতি অধিক অৱনতি ঘটাৰ পূৰ্বে এনেদৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰা হয় । ইপিনে নাগা ষ্টুডেণ্ট ফেডাৰেচনৰ শুকুৰবাৰে অৰ্থাৎ ১৭ ডিচেম্বৰত কহিমাত আফস্পা আইন বাতিলৰ দাবীত বিশাল প্ৰতিবাদী সমদল কাৰ্যসূচী গ্ৰহণ কৰিছে । পুৱা ক'হিমাৰ পুৰণি বিধায়ক আবাসৰ অঞ্চলৰ পৰা এই প্ৰতিবাদ সমদল উলিয়াব । ক'হিমাৰ জাফো হোটেলত অনুষ্ঠিত এক সংবাদমেলত নাগা ষ্টুডেণ্ট ফেডাৰেচনৰ সভাপতি কেগৱেহুন টেপে কয় যে আফস্পা কেৱল নগাসকলৰ সমস্যা নহয় ই উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা কিয়নো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীয়ে ইয়াৰ দুৰ্ভোগ ভূগিছে ।

অটিঙৰ গণহত্যাৰ ঘটনা দ্বাৰা আমাৰ কণ্ঠস্বৰ দমন কৰা হৈছে । যদি ভাৰতে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ বুলি ভাৱে তেনেহলে ভাৰতে সকলো কাম বিবেকেৰে কৰা উচিত । এনে আইনে সেনাক অমানবীয় কৰে সেয়ে এই কঠোৰ আইন কেন্দ্ৰীয় চৰকাৰে বাতিল কৰা উচিত । উল্লেখযোগ্য সেনাৰ বিৰুদ্ধে নগা জনসাধাৰণৰ ক্ৰমাৎ অধিক প্ৰতিবাদী হোৱাৰ লগে লগে আছাম ৰাইফলছে ব্যৱহাৰ কৰা 'ফেণ্ডছ অৱ দা হিল পিপল ' বাক্য শাৰী আঁতৰাবলৈ ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিছে । ভুক্তভোগী পৰিয়ালে ইতিমধ্যে চৰকাৰে প্ৰদান কৰা ক্ষতিপূৰণ ১৮ লাখ কৈ টকা উভতাই দিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in