আৰক্ষী বিষয়াসহ ৫ জনক হত্যা কৰিলে উন্মাদ ব্যক্তিয়ে…

আৰক্ষী বিষয়াসহ ৫ জনক হত্যা কৰিলে উন্মাদ ব্যক্তিয়ে…

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনা। এজন মিস্ত্ৰীয়ে শুকুৰবাৰে নিশা হত্যা কৰিলে আৰক্ষী বিষয়াসহ মুঠ ৫ জন ব্যক্তিক। এই ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাত। ত্ৰিপুৰাৰ খোৱাই জিলাত সংঘটিত এই ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান ভি এছ যাদৱে কৈছে, এজন মিস্ত্ৰীয়ে উন্মাদ হৈ নিজ পৰিয়ালৰ সদস্যসকলকে আক্ৰমণ কৰিছিল।

উন্মাদ হৈ পৰা ব্যক্তিগৰাকীৰ আক্ৰমণত নিজ পৰিয়ালৰ ৫ জন লোকৰ মৃত্যু হয়। মৃত ৫ জন লোকৰ মাজত আছিল এগৰাকী আৰক্ষী বিষয়াও। নিহত ব্যক্তি কেইগৰাকী ক্ৰমে তেওঁৰ ভাতৃ, দুই কন্যা শিশু, খোৱাই আৰক্ষী থানাৰ বিষয়া আৰু এগৰাকী অট' চালক। । এই ভয়ংকৰ ঘটনাৰ পিছতে আৰক্ষীয়ে উন্মাদ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

শুকুৰবাৰে নিশা খোৱাই জিলাৰ উত্তৰ ৰামচন্দ্ৰ ঘাটৰ শ্বেৰাটুলীত সংঘটিত হৈছে এই ঘটনা। স্থানীয় লোকসকলৰ অভিযোগ মতে প্ৰদীপ দেৱৰয় নামৰ এজন ব্যক্তিয়ে প্ৰথমে তেওঁৰ দুই সন্তানক হত্যা কৰিছিল। ইয়াৰ পিছত তেওঁ পত্নীকো হত্যা কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছতে উন্মাদ ব্যক্তিজনে ঘৰৰ পৰা ওলাই গৈ চোকা অস্ত্ৰৰে অঞ্চলটোত গুণ্ডামি কৰিছিল।

প্ৰসংগবিহীনভাৱেই উন্মাদ প্ৰদীপ দেৱৰয় নামৰ ব্যক্তিজনে এখন চলন্ত অটো ৰখাই আৰু চালকজনক হত্যা কৰে। এই তথ্য লাভ কৰি খোৱাই আৰক্ষী থানাৰ দ্বিতীয় বিষয়া সত্যজিৎ মল্লিকে টি এছ আৰ জোৱানসকলৰ সৈতে অঞ্চলটোলৈ যায়। কিন্তু আৰক্ষী বিষয়াজনকো নেৰিলে প্ৰদীপ দেৱৰয়ে। তেওঁক তীক্ষ্ণ অস্ত্ৰৰে আক্ৰমণ কৰিলে। ফলত মৃত্যু হ'ল আৰক্ষী বিষয়া সত্যজিৎ মল্লিকৰ।

ইয়াৰ পিছতে আৰক্ষীয়ে উন্মাদ হৈ পৰা প্ৰদীপ দেৱৰয়ক আটক কৰ আৰু হাস্পাতালত ভৰ্তি কৰে। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আব্যাহত ৰাখিছে। কি কাৰণত প্ৰদীপ দেৱৰয়ে এনেধৰণৰ উন্মাদ আচৰণ কৰি নৰহত্যাৰ দৰে জঘন্য ঘটনা সংঘটিত কৰিলে সেই বিষয়ে আৰক্ষীয় তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in