মহাৰজত জয়ন্তী উপলক্ষ্যে নলবাৰী মহাবিদ্যালয়ত মুখাশিল্পৰ কৰ্মশালা

মহাৰজত জয়ন্তী উপলক্ষ্যে নলবাৰী মহাবিদ্যালয়ত মুখাশিল্পৰ কৰ্মশালা

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ অংশ হিচাপে শুকুৰবাৰৰে পৰা পাঁচদিনীয়াকৈ এখন মুখাশিল্পৰ কৰ্মশালা অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে, অহা ২১,২২ আৰু ২৩ ডিচেম্বৰত নলবাৰী মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ মূল অনুষ্ঠান অনুষ্ঠিত হ'ব। নলবাৰী মহাবিদ্যালয়ৰ তত্ত্ব আৰু প্ৰয়োগ কেন্দ্ৰৰ উদ্যোগত আৰু পৰিদৃশ্য কলা কেন্দ্ৰ তথা আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত আয়োজন কৰা পাঁচদিনীয়া এই কৰ্মশালা প্ৰশিক্ষক তথা সমল ব্যক্তি হিচাপে উপস্থিত থাকে ভাৰত চৰকাৰৰ ফেল'শ্বিপপ্ৰাপ্ত বিশেষ বিশিষ্ট মুখাশিল্পী নগাঁৱৰ দেৱকান্ত হাজৰিকা আৰু মাজুলীৰ তুলসী মহন্তই।

নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক গোস্বামীয়ে শুকুৰবাৰে উদ্বোধন কৰা কৰ্মশালাত শিল্পী দেৱকান্ত হাজৰিকাই ভাষণ প্ৰসংগত মুখাশিল্পৰ ইতিবৃত্ত বৰ্ণনা কৰে। এই শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিবলৈও তেওঁ সংশ্লিষ্ট সকলো পক্ষলৈ আহ্বান জনায়।

কৰ্মশালাৰ প্ৰথম দিনাই মহাবিদ্যালয়ৰ ৪০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অহা ১২ নবেম্বৰলৈ চলিবলগীয়া কৰ্মশালাত আগ্ৰহী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব বুলি নলবাৰী মহাবিদ্যালয়ৰ তথ্য আৰু প্ৰয়োগ কেন্দ্ৰৰ সমন্বয়কদ্বয় ড° নিপন মজুমদাৰ আৰু কাবেৰী দত্তই জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in