চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত ৪২’ৰ শ্বহীদ হেমৰামৰ পৰিয়াল

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বাৰপূজীয়াঃ পঞ্চ শ্বহীদৰ পুণ্য ভূমি ৰহাৰ নিকটৱৰ্তী বাৰপূজীয়া৷ এই পঞ্চ শ্বহীদৰে অন্যতম হেমৰাম পাটৰ৷ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত ৰহাৰ জোঙালবলহু গড়ত ট্ৰাংক ৰোডত থকা দলং জ্বলাবলৈ আহি বৃটিছৰ গুলীত প্ৰাণ হেৰুৱাইছিল তেতিয়াৰ চফল ডেকা হেমৰাম পাটৰে৷ একেলগে শ্বহীদ হৈছিল গুণাভি বৰদলৈ৷

দেশৰ বাবে প্ৰাণ আহুতি দিয়া হেমৰাম পাটৰৰ পৰিয়ালে এতিয়া এসাজ খাই চিন্তা কৰিব লাগে আন সাজৰ বাবে। নিজৰ সামান্য মাটিত খেতি কৰাৰ লগতে আনৰ ঘৰত দিন হাজিৰা কৰি এটা জৰাজীৰ্ণ ঘৰত জীৱন নিৰ্বাহ কৰি আহিছে শ্বহীদজনৰ আজিৰ প্ৰজন্মই৷

স্বাধীনতাৰ ৭১ বছৰৰ পাছতো শ্বহীদগৰাকীৰ পৰিয়ালটো ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ পৰা এনেদৰে অৱহেলিত হৈ ৰোৱাত ক্ষোক্ষ উজাৰিছে স্থানীয় লোকসকলে। শ্বহীদৰ এই পৰিয়ালটোক সমাগত ১৫ আগষ্টৰ পূৰ্বেই উপযুক্ত সন্মান তথা সা-সুবিধা প্ৰদানৰ দাবী জনাইছে বাৰপূজীয়াবাসীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in