আকৌ ১৫ আগষ্ট… কোনে শুনিব ১৩ শ্বহীদ পৰিয়ালৰ বিননি

আকৌ ১৫ আগষ্ট… কোনে শুনিব ১৩ শ্বহীদ পৰিয়ালৰ বিননি

ডিজিটেল সংবাদ, ঢেকীয়াজুলিঃ দেশে উদযাপন কৰিবলৈ লোৱা ৭২সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পুনৰ এবাৰ ৪২ৰ গণ আন্দোলনত প্ৰাণ আহুতি দিয়া ঢেকীয়াজুলিৰ ১৩গৰাকীকৈ মহান শ্বহীদৰ পৰিয়ালসমূহৰ কৰুণ জীৱন গাঁথা পোহৰলৈ আহিছে৷ চৰকাৰী পক্ষই বাৰে  বাৰে এই সকল পৰিয়ালক কেৱল বঞ্চনা কৰি আহিছে৷

ছহিদ মনবৰ নাথ, কুমলী দেৱী, মণিৰাম কছাৰী, খহুলি দেৱী, ৰতন কছাৰী, দয়াল দাস পানিকা, তিলেশ্বৰী বৰুৱা, মংগল কুৰ্কু, সৰুনাথ চুতীয়া, মহীৰাম কোছ আৰু দুগৰাকী অচিনাক্ত ব্যক্তি৷ এইসকল বীৰ-বীৰংগনাই মহাত্মাৰ আহ্বানত ১৯৪২চনৰ ২০ ছেপ্তেম্বৰত ইংৰাজক খেদি দেশ মাতৃৰ স্বাধীনতা আজুৰি আনিবলৈ "মৰিম কিম্বা তৰিম" পণেৰে জপিয়াই পৰিছিল আন্দোলনত৷

ঢেকীয়াজুলি থানাৰ মূধচত উৰি থকা ইংৰাজৰ জেক নমাই তাৰ ঠাইত ত্ৰিৰংগা উৰুৱাবলৈ গৈ ইংৰাজ চিপাহীৰ নিৰ্বিচাৰ গুলীত মাটিত ঢলি পৰিছিল এজন এজনকৈ ১৩গৰাকী বীৰ-বীৰাংগনা৷ সেইদিনা ঢেকীয়াজুলিৰ ৰাজপথ এইসকল মহান ছহিদৰ তপত তেজেৰে ৰাঙলী হৈ পৰিছিল৷ এইসকল মহান ছহিদৰ আত্মত্যাগৰ ফলতেই এদিন দেশে স্বাধীনতা লাভ কৰিলে৷

স্বাধীন ভাৰতৰ বুকুত চৰকাৰ গঠন হ'ল৷ কিন্তু এই সকল শ্বহীদৰ মহান ত্যাগক মূল্যায়ন কৰিবলৈ যেন আহৰি নাপালে কোনেও৷ ঢেকীয়াজুলিৰ ছহিদক আজি পৰ্য্যন্ত দিয়া নহ'ল ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি৷ সেইসকল মহান ছহিদৰ পৰিয়ালক দিয়া নহ'ল মৰ্য্যদা তথা কোনো ধৰণৰ চৰকাৰী সাহায্য৷

মন কৰিব লগীয়া যে বিগত বৰ্ষৰ ২০ ছেপ্তম্বৰত ঢেকীয়াজুলিত চৰকাৰী পক্ষই ধুমধামেৰে উদযাপন কৰিছিল শ্বহীদ দিৱসৰ মহাৰজত জয়ন্তী৷ ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহালৰ তৎপৰতাত সেই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাই অনা হৈছিল শ্বহীদ পৰিয়ালৰ সদস্যসকলক৷ সেই সভাত প্ৰতিশ্ৰুতি দিয়া হৈছিল যে প্ৰতিগৰাকী ছহিদৰ পৰিয়ালক পাঁচলাখকৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব৷

অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কে গিজগিজাই থকা সভাখনিত শ্বহীদ পৰিয়ালৰ সদস্যসকলক গামোছা পিন্ধাই, শৰাই দি সম্বৰ্ধনা জনোৱা হ'ল৷ পিছে প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল৷ পৰিৱৰ্তনৰ শ্ল'গানেৰে শাসনৰ গাদী দখল কৰা চৰকাৰখনে মাথোঁ আভুৱা ভাৰিলে এইসকল দৰিদ্ৰতাই কোঙা কৰা শ্বহীদ পৰিয়ালৰ সদস্যক৷

উক্ত সভাতেই সেইসময়ৰ গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ঢেকীয়াজুলিৰ ১৩গৰাকী ছহিদৰ নামত ১৩টাকৈ পথ নিৰ্মাণৰ বাবে মুকলি কৰিছিল প্ৰায় ৩১ কোটি টকাৰ এক আঁচনিৰ আধাৰশিলা৷ বিধায়ক সিংহালৰ তৎপৰতাতে মুকলি কৰা উক্ত পথনিৰ্মাণ আঁচনিৰ কাম ঢেকীয়াজুলিত আৰম্ভ হ'ল যদিও আজি পৰ্য্যন্ত কোনো ফলক আঁৰি দি চিনাক্ত কৰা হোৱা নাই কোন গৰাকী শ্বহীদৰ নামত নিৰ্মাণ কৰা হৈছে কোনটো পথ৷

এতিয়া চৰকাৰী বঞ্চনাৰ বলি হোৱা শ্বহীদ পৰিয়ালৰ সদস্যই প্ৰশ্ন কৰিছে পথনিৰ্মাণৰ নামত চৰকাৰে কোটি কোটি টকা মোকলাই দিলে৷ কিন্তু দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ শ্বহীদ পৰিয়ালৰ বাবে সভাত ডিঙিৰ শিৰ ফুলাই প্ৰতিশ্ৰুতি দিয়া চৰকাৰী পক্ষই এটকাও মুকলি কৰি দিব নোৱাৰিলে৷ আনকি, ১৩ গৰাকীকৈ শ্বহীদৰ জীৱন বলিদানেৰে মহীয়ান ঢেকীয়াজুলিক পূৰ্বৰ চৰকাৰে মহকুমা হিচাপে ঘোষণা কৰাৰ পিচতো বৰ্তমানৰ চৰকাৰখনে ঢেকীয়াজুলিক মহকুমা হিচাপে গঢ়ি তোলাত কোনো ধৰণৰ সদিচ্ছা নেদেখুৱাত অঞ্চলটোৰ দল-সংগঠনৰ মাজত গা কৰি উঠিছে তীব্ৰ অসন্তুষ্টিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in