শেহতীয়া খবৰ
আৰক্ষীৰ মতে আত্মহত্যা, কণমানি কন্যাই ক’লে- 'পাপাক দুজন লোকে ডিঙি চেপি ধৰিছিল’  •  নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান  •  ৰাজপথত কুকুৰৰ মুখত নৱজাতক, চি চি টিভিত বন্দী হৈছে VIDEO  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল'গানৰ পৰা হেৰাল জাতি  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ

৩০ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ প্ৰিয়ংকা-নিকৰ বিয়া

815

ডিজিটেল ডেস্কঃ অৱশেষত ঠিৰাং হ’ল মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ বিয়াৰ তাৰিখ। দুমাহ পূৰ্বে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু আমেৰিকান গায়ক নিক জোনাচৰ মাজত আঙুঠি পিন্ধোৱা পৰ্ব ভাৰতীয় পৰম্পৰাগতভাৱে সম্পূৰ্ণ হোৱাৰ পিছত এইবাৰ তাৰকা দুগৰাকীৰ বিবাহক লৈ চৰ্চা চলিছে। অহা ২ ডিচেম্বৰত দুয়োগৰাকী তাৰকাই বিবাহ পাশত আবদ্ধ হোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত নিক-প্ৰিয়ংকাৰ বিবাহ সম্পন্ন হ’ব বুলি বাতৰি প্ৰকাশ পাইছিল।

জানিব পৰা মতে, নিক আৰু প্ৰিয়ংকাৰ বিবাহ সম্পূৰ্ণ ভাৰতীয় ৰীতি-নীতিৰে যোধপুৰৰ উমেদ ভৱনত সম্পন্ন হ’ব। ব্যয়বহুল আৰু আড়ম্বৰপূৰ্ণ বিবাহখনক লৈ ব্যস্ত হৈ পৰিছে মাতৃ মধু চোপ্ৰা। আনহাতে নিক আৰু প্ৰিয়ংকাই পৰিধান কৰিবলগীয়া পোছাকৰ ডিজাইনৰ বাবে নিক-প্ৰিয়ংকাই তাৰকা ফেশ্বন ডিজাইনাৰ আবু জানী আৰু সন্দিপ খোছলাৰ সৈতে যোগাযোগ কৰিছে বুলিও জানিব পৰা গৈছে।

নিক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰাৰ বিবাহ ৩০ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ সম্পন্ন হ’ব। আনহাতে মাত্ৰ ২০০ গৰাকী বন্ধু-বান্ধৱ আৰু আত্মীয় স্বজনৰ উপস্থিতিতে দুয়োৰে বিবাহ সম্পন্ন হ’ব বুলিও বলীউডৰ এক সূত্ৰই জানিবলৈ দিয়ে। নিক-প্ৰিয়ংকাৰ বিবাহ অনুষ্ঠানত কোন কোন তাৰকা শিল্পী উপস্থিত থাকিব তাক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি