এইগৰাকী সুন্দৰীক বিয়া কৰাওক আৰু লাভ কৰক ৬৫ কোটি

এইগৰাকী সুন্দৰীক বিয়া কৰাওক আৰু লাভ কৰক ৬৫ কোটি

ডিজিটেল ডেস্কঃ অলপ শকত। হ'লেও সুন্দৰী। বিবাহৰ বয়স হৈছে। ৩৩ বৰ্ষীয় এই সুন্দৰীগৰাকী এতিয়া বিবাহৰ বাবে ইচ্ছুক। পিছে চৰ্ত এটা আছে। তেওঁক যুগ্মজীৱনৰ সংগী কৰিব বিচৰাজন হ'ব লাগিব ভাৰতীয়। অন্তৰৰ পৰা তেওঁক ভাল পাব লাগিব। আৰু যি ভাৰতীয় যুৱকে তেওঁক বিয়া কৰাব, তেওঁ লাভ কৰিব ৬৫ কোটি টকা।

ৰাছিয়ান সুন্দৰী এনা ক্ৰাইলভা। পেছাত এগৰাকী প্লাছ চাইজ ম'ডেল। সমগ্ৰ বিশ্বতে জনপ্ৰিয় এই সুন্দৰীগৰাকীয়ে শেহতীয়াকৈ নিজৰ বিবাহৰ ইচ্ছাৰ কথা প্ৰকাশ কৰি এজন ভাৰতীয় যুৱক বিচাৰিছে। এনাই চৰ্ত ৰাখিছে যে যিয়ে তেওঁক বিয়া কৰাব বিচাৰিব তেওঁ প্ৰথমে এনাক পতিয়ন নিয়াব লাগিব যে এনাক তেওঁ সঁচা অন্তৰৰে ভাল পায়। আৰু তেনে যুৱক বিচাৰি পালে এনাই নিজৰ ৬৫ কোটি টকাৰ সম্পত্তি লিখি দিবলৈ প্ৰস্তুত আছে।

ভাৰতীয় সভ্যতা, সংস্কৃতিৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰা ৰাছিয়ান ম'ডেলগৰাকীয়ে বিবাহৰ পিছত ভাৰততে থাকি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। আনহাতে ভাৰতীয় লোকসকল অতি আৱেগিক আৰু দৰদী মনৰ বুলিও মন্তব্য কৰে এনাই। সুন্দৰী যুৱতীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈকে তেওঁক বহু এনে যুৱকে বিবাহৰ প্ৰস্তাৱ দিছে যিয়ে তেওঁক সঁচা অন্তৰেৰে ভাল পায়। কিন্তু সেই যুৱকসকল ভাৰতীয় নোহোৱাৰ বাবেই তেওঁ বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখান কৰি আহিছে।

এনাৰ ভাৰতীয় জীৱনসংগীৰ সন্ধান সফল হয় নে নহয় সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব। সুন্দৰী ৰাছিয়ান ম'ডেলগৰাকীয়ে এজন সঁচাকৈয়ে মৰমীয়াল ভাৰতীয় দৰা লাভ কৰিব বুলি আমি আশা কৰিছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in