মৰিয়নিত আগন্তক বিধান সভা নিৰ্বাচনৰ ৰণ শিঙাৰে বিজেপিৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলন…

মৰিয়নিত আগন্তক বিধান সভা নিৰ্বাচনৰ ৰণ শিঙাৰে বিজেপিৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলন…

ডিজিটেল সংবাদ মৰিয়নি : ভাৰতীয় জনতা পাৰ্টীয়ে মৰিয়নি বিধান সভা সমষ্টিত আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনৰ ৰণ শিঙা বজাই আয়োজন কৰে পঞ্চায়ত প্ৰতিনিধি সন্মিলন।
দেওবাৰে হোনোৱাল চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সমষ্টিটোৰ বিজেপিৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলখন। মৰিয়নি মণ্ডল বিজেপিৰ সাধাৰন সম্পাদক ৰঞ্জন চুতীয়াই আঁত ধৰা আৰু চেলেং মণ্ডল বিজেপিৰ সভাপতি গিৰিশ দাসৰ পৌৰহিত্যত অনুষ্ঠিত পঞ্চায়ত প্ৰতিনিধি সন্মিলনি সভাত বিজেপিৰ যোৰহাট জিলাৰ প্ৰভাৰী সুৰঞ্জন দত্ত, মৰিয়নি সমষ্টিৰ প্ৰভাৰী মনোজ বৰা উপস্থিত থাকে।

কংগ্ৰেছৰ দুৰ্গ ৰূপে খ্যাত মৰিয়নিত পঞ্চায়তৰ প্ৰতিনিধি সকলক একত্ৰিত কৰি বিজেপিৰ মিছন ১০০ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সংকল্প লয় মৰিয়নি সমষ্টিৰ প্ৰভাৰি মনোজ বৰাই।মৰিয়নি সমষ্টি বিৰোধীৰ হাতৰ পৰা বিজেপিৰ হাতলৈ অনা বাবে পঞ্চায়ত প্ৰতিনিধি সকলক নিষ্ঠা আৰু সততাৰে কাম কৰিবলৈ সংকল্পবদ্ধ হ'বৰ বাবে জিলা প্ৰভাৰি সুৰঞ্জন দত্তই পঞ্চায়ত প্ৰতিনিধি সকললৈ আহ্বান জনায়।

পঞ্চায়ত প্ৰতিনিধি সন্মিলনত জিলা চাহ মৰ্চাৰ সভাপতি সঞ্জয় কৃষ্ণ তাঁ‌তী, ভাষিক সংখ্যালঘূ উন্নয়ন পৰিষদৰ সভাপতি অলক কুমাৰ ঘোষ, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক ৰমনী তাঁ‌তী উপস্থিত থাকি ভাষন আগবঢ়ায়। সভাত জিলা অ বি চি জিলা সমিতিৰ সভাপতি নিলোৎপল গগৈ, ৰাজ্যিক চাহ মৰ্চাৰ সম্পাদক মোহন ৰাও, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কল্পনা চমুৱা বৰুৱা, নকছাৰী আৰু কাটনী জিলা পৰিষদৰ সদস্যদ্বয় কবিতা দাস গগৈ, প্ৰদীপ দত্তকে ধৰি বহু কেইগৰাকী বিজেপি নেতা উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in