মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা, ১৩ লক্ষাধিক নকল টকাসহ গ্ৰেপ্তাৰ দুজনক…

মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা, ১৩ লক্ষাধিক নকল টকাসহ গ্ৰেপ্তাৰ দুজনক…

ডিজিটেল সংবাদ, মৰিগাঁওঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মৰিগাঁও আৰক্ষীৰ বৃহৎ সাফল্য। মৰিগাঁও জিলা আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নেতৃত্বত চলোৱা হয় অভিযান। অভিযান কালত মৰিগাঁও জিলাৰ মিকিৰ ভেটা থানাৰ অন্তৰ্গত লাওতলীত ১৩ লাখ ৪০ হাজাৰ নকল টকা উদ্ধাৰ কৰে আৰক্ষীয়ে। এই নকল টকাৰখিনিৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে দুজন লোকক।

গ্ৰেপ্তাৰ কৰা লোক দুজনৰ নাম ক্ৰমে- ছিৰাজুল হক আৰু নুৰুল আমিন। পলায়নৰ চেষ্টা কৰা দুই নকল টকা সৰবৰাহকাৰীক দুই জাই গুলি ফুটাই আত্মসমৰ্পন কৰিবলৈ বাধ্য কৰে আৰক্ষীয়ে। মৰিগাঁও জিলা আৰক্ষী অধীক্ষক নন্দ সং বৰকলাৰ নিজা অভিযানত ধৰা পৰে নকল টকা সৰবৰাহকাৰী দুটা। আৰক্ষীৰ জেৰাত সৰবৰাহকাৰী দুটাই দিয়া স্বীকাৰোক্তি মতে, মাৰণাস্ত্ৰ কিনিবৰ বাবে ৰাখিছিল টকাখিনি।

ইফালে, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এনে স্বীকাৰোক্তিয়ে যথেষ্ট তাৎপৰ্য্য বহন কৰিছে। এই দুজন বাক্তিৰ এজনৰ হাতত অস্ত্ৰ আছিল কিন্তু পানীত পৰাত এতিয়া উদ্ধাৰ হোৱা নাই। এই নকল টকাৰে কিনিব লগা মাৰণাস্ত্ৰবোৰ মৈৰাবাৰীৰ এটা চৰত এগৰাকী মহিলাৰ হাতত জমা আছে তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষী অধীক্ষকজনে জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in