মৰিগাঁৱত ওলাইছে মাইকী বাবা!

মৰিগাঁৱত ওলাইছে মাইকী বাবা!

ডিজিটেল সংবাদ, মৰিগাঁওঃ এইবাৰ ওলাইছে মাইকী বাবা। মাইকী বাবাৰ গাত আছে শিৱ। জৰা-ফুকা কৰিলেই দূৰ হয় অপায়-অমংগল। সেয়েহে মাইকী বাবাৰ ওচৰলৈ গৈছে ইজনৰ পাছত সিজন লোক। মৰিগাঁৱৰ জালুগুটি অঞ্চলৰ মাজখোৱা গাঁৱৰ দৃশ্য এয়া। থাপনাৰ কাষত বহি মাইকী বাবাই তেওঁৰ কাষলৈ অহা লোকক বিধান দিয়ে।

নামতীৰ তালে তালে মাইকী বাবা নাচেও। চুলিত ধৰি বগৰাই দিয়ে বিধান বিচাৰি অহা লোকক। সেই দৃশ্য দেখি কম্পমান হয় শিশু। পিছে মাইকী বাবাৰ ইচ্ছা যি তাকেই কৰে, বাধা দিওতা কোনো নাই। কাৰোবাক যদি জাৰিছে, কোনোবাজনক বগৰাই লৈছে মাইকী বাবাই। বাবাৰ এটাই প্ৰশ্ন- কি পাপ কৰিছিলি তই? পেৰেলাইছিছত যে ভুগিছ'। এজন লোকক এইদৰে পেলাই বিধান দিছে কেনেদৰে চাওঁক।

মাইকী বাবাৰ থাপনাত থকা এখন ফটোত ৰঙাকৈ ক্ৰছ চিন দিয়া আছে। সেইজনে হেনো এগৰাকী মহিলাৰ ডেৰ লাখ টকা আত্মসাৎ কৰিছে। সেই টকা ঘূৰাই পাবলৈ তেওঁক বাবাৰ ওচৰত দিয়া হৈছে প্ৰতীকি বলি। এনে অনেক অদ্ভূত কৰ্ম-কাণ্ডৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মাইকী বাবা।

যি সময়ত ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা হৈছে, সেই সময়ত এচাম শিক্ষিত লোকক এই কৰ্ম-কাণ্ডই চকু কঁপালত তুলিছে। অঞ্চলজুৰি এতিয়া ছানি ধৰিছে অন্ধবিশ্বাসে। আৰু মাইকী বাবাৰূপী এই যুৱতীগৰাকীৰ শৰণাপন্ন হৈছে বহু লোকে। কিন্তু এই মাইকী বাবাৰ বিৰুদ্ধে প্ৰশাসনে লোৱা নাই কোনো ব্যৱস্থা। অন্ধবিশ্বাসে ছানি ধৰা এই গাঁওখনত এই ঘটনাবোৰৰ পৰাই যিকোনো ধৰণৰ ডাঙৰ কাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু তালৈ ভ্ৰূক্ষেপ নাই প্ৰশাসনৰ। সেয়ে মাইকী বাবাৰ নামত এতিয়া চলিছে জৰা-ফুকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in