মৰিগাঁৱত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মতিথি উদযাপন

মৰিগাঁৱত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মতিথি উদযাপন

ডিজিটেল সংবাদ, মৰিগাঁওঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান মৰিগাঁৱৰ আহঁতগুৰিত দেওবাৰে উদযাপন কৰা হয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ১৫৫ সংখ্যক জন্মতিথি। ১৮৬৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোত সাহিত্যৰথী পিতৃয়ে চাকৰি সংক্ৰান্তত বদলি হৈ নগাঁৱৰ পৰা নাৱৰে বৰপেটালৈ গৈ থকাত আহঁতগুৰি ঘাটতে নাৱত জন্ম হৈছিল অসমৰ সুসন্তান গৰাকী l কিন্তু অতি দুখৰ কথা যে, তেওঁৰ ১৫৫সংখ্যক জন্মদিনটোত দেখা নগ'ল কোনো কেন্দ্ৰীয় তথা মৰিগাঁও জিলা সমিতিৰ লোকক।

ইফালে, এটা খবৰ ল'বলৈও আহৰি নহ'ল কেন্দ্ৰীয় বিষয়ববীয়া সকলৰ। বেজবৰুৱা জন্ম ঘাটটোত চলিছে এতিয়া অবাধ বালিৰ ৰমৰমীয়া বেহা। প্ৰায় ১০টাৰো অধিক অবৈধ মহলে ব্যৱহাৰ কৰিছে অত্যাধুনিক মেচিন। যাৰ বাবে ভাবুকি আহিছে বেজবৰুৱা নামেৰে নামাকৰণ কৰা সেতুখনলৈ। ইয়াৰ সমান্তৰালকৈ কলঙৰ পাৰ আৰু মথাউৰিবোৰ খান্দি বালি মাফিয়াই মেচিনৰ পাইপবোৰ সংস্থাপন কৰি বালিৰ অবৈধভাৱে খনন কৰিছে। 

বালি মাফিয়াই ধ্বংস কৰি দিছে সাহিত্যৰথী বেজবৰুৱাৰ ওপজা ঘাট।স্থানীয় ৰাইজৰ আশংকা- যদি এনকৈয়ে এইবোৰ খনন কাৰ্য্য চলি থাকে তেন্তে অস্তিত্ব নোহোৱা হ'ব বেজবৰুৱা ঘাট আৰু সেতুখনৰ l ইফালে, বেজবৰুৱাৰ জন্মভূমিত ১৫৫ সংখ্যক জন্মদিনৰ দিনাই উন্মোচিত হ'ল দুটা দিশ।

এফালে সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ তেওঁৰ প্ৰতি অবহেলা আৰু আনটো বালি মাফিয়াৰ দপদপনিত নিঃশেষ হোৱাৰ দিশে সাহিত্যৰথী জনৰ জন্ম ইতিহাস। এইখিনিতে প্ৰশ্ন হয় জাগীৰোড সমষ্টি বিধায়ক তথা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযোষ হাজৰিকা গৃহ গাঁও আঁহতগুৰি আৰু তেওঁৰ নিজা গৃহ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত এই অবৈধ বালি ঘাট যাৰ বাবেই ধ্বংস গৰাহত সাহিত্যৰথী বেজবৰুৱা জন্ম ঘাট কিয় নিমাত মন্ত্ৰী গৰাকী।

সমান্তৰাল ভাৱে চকু মুদা কুলি ভাওত ধৰমটোল ৰেঞ্জৰ ৰেঞ্জাৰ জন। আচলতে চলিছে নেকি এক বৃহৎ সংখ্যক কমিচনৰ অংক। আনহাতে এই সন্দৰ্ভত প্ৰশাসনৰ ওচৰত আঁহতগুৰি শাখা সাহিত্য সভা আৰু স্থানীয় ৰাইজে বাৰম্বাৰ অভিযোগ কৰিও নাপালে কোনো সুফল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in