মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত দুৰ্নীতিঃ উৎকোচ লৈ থকা অৱস্থাতে হাতে-লোতে আটক উচ্চবৰ্গৰ সহায়কক…

মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত দুৰ্নীতিঃ উৎকোচ লৈ থকা অৱস্থাতে হাতে-লোতে আটক উচ্চবৰ্গৰ সহায়কক…

ডিজিটেল সংবাদ, মৰিগাঁওঃ বিলৰ নিবিদাৰ বাবে আৱেদন কৰি নিবিদা অন্তৰ ৫ মাহৰ পাছতো লাভ কৰা নাই এখন ছ'চাইটিয়ে ধন। দৰাচলতে, মৰিগাঁৱৰগৰঙা নামৰ এখন বিলৰ বাবে নিবিদাৰ আবেদন কৰিছিল এখন ছ'চাইটিৰ হৈ ৰাম প্ৰসাদ সৰকাৰ সহ কেইজনমান লোকে৷ ছ'চাইটি খনে নিবিদাত পোৱা নাছিল বিলখন৷

নিবিদাৰ অন্তত আমানতৰ ১ লাখ ৭৫ হাজাৰ টকা পাবলৈ আবেদন কৰে ছ'চাইটি খনে ৷ কিন্তু ৫ মাহে তাত বাতি কৰি পোৱা নাই আমানতৰ ধন৷ উক্ত ধন মুকলাই দিয়াৰ নামত হৰেন্দ্ৰ নাথ নামৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক জনে ৫ হাজাৰ টকা উৎকোচ বিচাৰিছিল৷

ৰাম প্ৰসাদ সৰকাৰৰ লগত ৪ হাজাৰ টকা দৰ-দাম কৰি উৎকোচৰ ৫শ টকা আগধন লয় হৰেন্দ্ৰ নাথে৷ ইয়াৰ পাছতে মৰিগাঁও আৰক্ষী অধীক্ষকক অৱগত কৰে সমগ্ৰ ঘটনা আৰু আৰক্ষী অধীক্ষকৰ মধ্যস্থতা দুৰ্নীতি নিবাৰণ শাখাত ভুক্তভোগী ৰাম প্ৰসাদ সৰকাৰে দিয়া অভিযোগৰ ভিত্তিত আজি মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত হাতে-লোতে ৩ হাজাৰ ৫ টকা উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিৱাৰক শাখাই আটক কৰে কৰ্মচাৰীজনক৷

এতিয়া জিলাখনৰ উপায়ুক্ত কাৰ্যালয়তে এই দুৰ্নীতি আৰু উৎকোচ বজাৰ মেলিলে আন আন চৰকাৰী কাৰ্যালয়ত আৰু কিমান এনে ঘটনা চলি আছে তাক লৈ সাধাৰণ ৰাইজৰ মাজত আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া৷ উল্লেখযোগ্য যে, ৰাম প্ৰসাদ সৰকাৰ নিজে বিজেপি মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক৷ তাপৰ্যপূৰ্ণ কথা যে, এই আমানতৰ ধন খিনি মোকলাই দিবলৈ উপায়ুক্তই এই কৰ্মচাৰীজনক কৈছিল যদিও উপায়ুক্ত কথাকো বুঢ়াআঙুলি দেখুৱাই দিয়াৰ কথা প্ৰকাশ কৰে অভিযোগকাৰীয়ে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in