মৰিগাঁও মহাবিদ্যালয়ৰ তৰ্ক প্ৰতিযোগিতাত শ্বাহ আলম শ্ৰেষ্ঠ তাৰ্কিক, হিমাংশু বৰ্মন-শ্বাহ আলম শ্ৰেষ্ঠ দল

মৰিগাঁও মহাবিদ্যালয়ৰ তৰ্ক প্ৰতিযোগিতাত শ্বাহ আলম শ্ৰেষ্ঠ তাৰ্কিক, হিমাংশু বৰ্মন-শ্বাহ আলম শ্ৰেষ্ঠ দল

ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁও মহাবিদ্যালয়ে শনিবাৰে আয়োজন কৰে এখন তৰ্ক প্ৰতিযোগিতাৰ। "ভাৰতীয় সংবিধানৰ একমাত্ৰ ৩৭১ নং অনুচ্ছেদে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিব" শীৰ্ষক প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰে নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ ছাত্ৰ শ্বাহ আলম আৰু হিমাংশু বৰ্মনে।

ইফালে শ্বাহ আলমে শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইনষ্টিটিউট অৱ মেডিয়া মেনেজমেন্ট এণ্ড ষ্টাডিছক প্ৰতিনিধিত্ব কৰা বিজিত কলিতা নামৰ ছাত্ৰগৰাকীয়ে দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে। তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে নগাঁও কম্পিউটাৰ ইনষ্টিটিউটৰ ছাত্ৰ চন্দন বৰাই।

জাগীৰোড মহাবিদ্যালয়ৰ উপাধ্যক্ষ তুলসী বৰদলৈৰ অধ্যক্ষতাত অনুষ্ঠিত শনিবাৰৰ প্ৰতিযোগিতাখনত ৰাজ্যৰ কেইবাগৰাকী গণ্য মান্য ব্যক্তিয়ে বিচাৰকৰ আসন অলংকৃত কৰে। বিচাৰক হিচাপে প্ৰতিযোগিতাখনত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কিশোৰ কুমাৰ কলিতা আৰু লেখক ৰবিন্দ্ৰ মোহন নাথ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in