ডাউড ইব্ৰাহিম বা আইএছআইএছ নহয়! মৰিগাঁৱৰ ব্ৰজমোহনে দিছিল টীম ইণ্ডিয়াক উৰুৱাই দিয়াৰ ভাবুকি

ডাউড ইব্ৰাহিম বা আইএছআইএছ নহয়! মৰিগাঁৱৰ ব্ৰজমোহনে দিছিল টীম ইণ্ডিয়াক উৰুৱাই দিয়াৰ ভাবুকি

ডিজিটেল ডেস্কঃ ৱেষ্টইণ্ডিজৰ ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দলটোক হত্যাৰ ভাবুকি দিছিল কিছুদিনৰ পূৰ্বে। এই ভাবুকি লাভ কৰাৰ পাছতে বিচিচিআইয়ে এই কথা অৱগত কৰিছিল গৃহ মন্ত্ৰণালয়ক। তাৰ পাছতেই ভাৰতীয় ক্ৰিকেট দলৰ অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল ৱেষ্ট ইণ্ডিজত।

আণ্ডাৰ ৱৰ্ল্ডৰ ডন বা কোনো আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনে ভাৰতীয় ক্ৰিকেট দলক দিয়া নাছিল এই ভাবুকি। টীম ইণ্ডিয়াক ভাবুকি দিয়া এই ই-মেইল গৈছিল অসমৰ মৰিগাঁৱৰ পৰা। এই সন্দৰ্ভত বিচিচিআইলৈ প্ৰেৰণ কৰা এক ভাবুকিভৰা ই-মেইলৰ পাছত মুম্বাই আৰক্ষীৰ সন্ত্ৰাসবিৰোধী গোটে ৰুজু কৰিছিল এক গোচৰ।

বিচিচিআইলৈ ভাবুকি দিয়া মৰিগাঁৱৰ ব্ৰজমোহন দাস

ই-মেইলৰ আঁত ধৰি ভাবুকি দিয়া ব্যক্তিৰ সন্ধানত সংগোপনে অসমলৈ আহিছিল মুম্বাইৰ সন্ত্ৰাসবিৰোধী গোটৰ এটা আৰক্ষী দল। মৰিগাঁৱৰ পৰা আটক কৰিছিল এজন যুৱকক। যুৱকজনৰ নাম ব্ৰজমোহন দাস। মৰিগাঁৱৰ ধৰমতুলত ঘৰ ব্ৰজমোহনৰ।

মুম্বাই আৰক্ষীৰ জিম্মাত ব্ৰজমোহন

মৰিগাঁও আদালতত হাজিৰ কৰি ট্ৰেনজিষ্ট জিম্মাত লৈছিল ব্ৰজমোহনক মুম্বাই আৰক্ষীয়ে। তাৰ পিছতে তেওঁক লৈ আহিছিল গুৱাহাটীলৈ। গুৱাহাটীৰ পাণবজাৰ থানাত ৰাতিটো ৰখাই বিমানেৰে অৱশেষত মুম্বাইলৈ লৈ গ'ল ব্ৰজমোহনক।

বিমানেৰে মুম্বাইলৈ লৈ গ'ল ব্ৰজমোহনক

মৰিগাঁও আদালতত হাজিৰ কৰা সময়ত বিচিচিআইলৈ এনে ভাবুকি মেইল প্ৰেৰণৰ কথা স্বীকাৰ কৰিছে ধৃত ব্ৰজমোহনে।লগতে তেওঁ দণ্ডাধীশক কৈছিল- 'মই মানসিক ৰোগী। মোৰ মাৰ লগত আছে চিকিৎসাৰ কাগজ-পত্ৰ।'

কিন্তু ব্ৰজমোহনৰ এই স্বীকাৰোক্তিৰ পাছতো দণ্ডাধীশে কোনো কথাই নুশুনিলে তেওঁৰ। এনে অসৎ কাৰ্যৰ বাবে পুত্ৰক মুম্বাই আৰক্ষীয়ে ধৰি নিয়াৰ পিছত ব্ৰজমোহনৰ মাতৃয়েও পুত্ৰক মানসিক ৰোগী বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে।

কিন্তু কি পৰিস্থিতিত ব্ৰজমোহনে এই কাম কৰিলে, সেই সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে চলাইছে বিতং অনুসন্ধান। উল্লেখযোগ্য যে টীম ইণ্ডিয়াক হত্যাৰ ভাবুকি দিয়া এই খবৰে ৰাষ্ট্ৰীয়ই নহয়, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো খলকনিৰ সৃষ্টি কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in