‘কা’ প্ৰত্যাহাৰৰ দাবীত মাৰ্ঘেৰিটাত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদী সমদল…

‘কা’ প্ৰত্যাহাৰৰ দাবীত মাৰ্ঘেৰিটাত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদী সমদল…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ ৰাজ্যজুৰি অব্যাহত আছে "কা" বিৰোধী প্ৰতিবাদ ৷ বুধবাৰে মাৰ্ঘেৰিটাত অসম চাহ মজদুৰ সংঘই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ অসম চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত তথা আটছা আৰু আছা মাৰ্ঘেৰিটা শাখাৰ সহযোগত কেইবা শতাধিক পুৰুষ মহিলাই প্ৰতিবাদী সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰৰ পৰা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ লৈকে প্ৰায় ২ কিলোমিটাৰ পথ পদযাত্ৰা কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে হাতে হাতে প্লেকাৰ্ড লৈ কেইবা শতাধিক পুৰুষ মহিলাই "কা" বিৰোধিতাৰে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বেচৰকাৰীকৰন কৰাৰ সিদ্ধান্তক অসম চাহ মজদুৰ সংঘই তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰে ৷

উত্তৰ মাৰ্ঘেৰিটাৰ ৰঙ্গমঞ্চত অনুস্থিত প্ৰতিবাদী সভাত উপস্থিত থাকে অসম চাহ মজদুৰ সংঘৰ তিনিচুকীয়া জিলাৰ সম্পাদক উমেশ গোৱালা, আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সম্পাদক ৰামানুজ লাক্ৰাৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা বিজয় তাতী ৷ প্ৰতিবাদী সভাত সকলোৱে উদাত্ত কন্ঠৰে "কা"ৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰা পৰিলক্ষিত হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in