প্ৰধানমন্ত্ৰী, স্বাধীনতা আৰু গণৰাজ্য দিৱসক লৈ ফেচবুকত পোষ্ট কৰা মাৰ্ঘেৰিটাৰ যুৱকক গ্ৰেপ্তাৰ…

প্ৰধানমন্ত্ৰী, স্বাধীনতা আৰু গণৰাজ্য দিৱসক লৈ ফেচবুকত পোষ্ট কৰা মাৰ্ঘেৰিটাৰ যুৱকক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ দেশৰ প্ৰধানমন্ত্ৰী স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ লগতে শ্বহীদ বেদীক লৈ ফেচবুকত ১৫ আগষ্টৰ দিনা বিতৰ্কিত মন্তব্য কৰি মাৰ্ঘেৰিটাৰ এজন যুৱক ৰঙাঘৰৰ আলহী হ'ব লগা হয়।

প্ৰাপ্ত বাতৰি অনুসৰি, মাৰ্ঘেৰিটাৰ চাদাম হুচেইন আনছাৰিয়ে মাৰ্ঘেৰিটাৰ বজাৰ মেহতাব খান নামৰ যুৱকজনৰ মোবাইল হেক কৰি ফেচবুকত এটা পোষ্টৰ জৰিয়তে আপত্তিজনক মন্তব্য কৰিছিল।

আমছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আৰু যুৱ মৰ্চাৰ এজাহাত ভিত্তিত আৰক্ষীয়ে চাদ্দাক আটক কৰে। দুয়োটা সংগঠনৰ লগতে আছুৱে যুৱকজনৰ এনে আপত্তিজনক মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in