এনআৰচিত নাম অন্তৰ্ভূক্ত নোহোৱাৰ বাবেই মাৰ্ঘেৰিটাত মৃত্যু এজনৰ!

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবেই হতাশাত ভুগি শুকুৰবাৰে মাৰ্ঘেৰিটাত এজন লোকৰ মৃত্যু হোৱাৰ বাতৰিয়ে অঞ্চলটোত শোঁ‌কৰ ছাঁ‌ পেলাইছে। জানিব পৰা মতে, মাৰ্ঘেৰিটা মহকুমাৰ কেটেতং গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰডদোৱা গাঁৱৰ নিবাসী মঃ মানিক আলি নামৰ ব্যক্তিজন শুকুৰবাৰে পুৱা ৭ বজাত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু মুখত পৰে।

পৰিয়ালৰ লোকৰ অভিযোগ যে, মানিক আলি পিতৃৰ ৬৬ চনৰ লিগেচীত নাম থকা পিছতো তেওঁৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণত গোচৰ ৰুজু হৈ থকাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰিব পৰা নাছিল। ইয়াকে লৈ মানিক আলি গভীৰ হতাশাত ভুগিছিল। প্ৰাপ্ত খৱৰ মতে, ১৯৯৭ চনৰ পৰা মানিক আলি 'ডি' ভোটাৰ হৈ থকাত আদালতত গোচৰ চলি আছিল।

শুকুৰবাৰে পুৱা প্ৰায় ৭ বজাত মানিক আলি হঠাৎ অসুস্থ হৈ পৰে আৰু চিকিৎসালয়লৈ নিয়া আগতেই তেওঁ মৃত্যু হয়। ইপিনে কোনো প্ৰকৃত ভাৰতীয় লোক যাতে মানিক আলিৰ দৰে মৃত্যু হব লগা নহয় এই বিষয়ত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমছুৱে দাবী জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in