মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি

মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত খামন পথাৰস্থিত জিইএল চাৰ্চত যোৱা ১৯ তাৰিখৰ পৰা অনুস্থিত হৈ থকা অনুগ্ৰহ পৰিৱৰ্তন প্ৰাৰ্থনা সমাৰোহ, ২০১৯ৰ দেওবাৰে অন্তিম দিনৰ কাৰ্যসূচীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় লোকৰ অভিযোগ যে, খ্ৰীষ্টফাৰ হেমব্ৰম নামৰ জাজকজনে অন্য ধৰ্মৰ প্ৰতি কটু মন্তব্য কৰাৰ লগতে শনিবাৰে সন্ধিয়াৰ কাৰ্যসূচী উপভোগ কৰিবলৈ যোৱা ৭০ বছৰিয়া বৃদ্ধ এজন লোকক গতিয়াই মঞ্চৰ পৰা বাহিৰলৈ উলিয়াই দিছিল।

সমগ্র উজনি অসমতে পৰিচিত বৈদ্য পুৰণ সৎনামী নামৰ লোকজনক এনেদৰে অপমান কৰাত অঞ্চলটো অন্য ধৰ্মাৱলম্বী লোকসকল উত্তেজিত হৈ পৰে আৰু জাজকজনক বৃদ্ধ জনৰ ওচৰত মাফ খুজিবলৈ কয়। কিন্তু জাজকজনে এনে কৰিবলৈ অমান্তি প্ৰকাশ কৰাত স্থানীয় লোকসকল উত্তেজিত হৈ পৰে আৰু জাজকজনক আক্ৰমণ কৰিবলৈ উদ্যত হয়। জাজকজনে আত্মৰক্ষা বাবে পলায়ন কৰিব লগা হয়। উক্ত ঘটনাৰ খবৰ লাভ কৰি ততালিকে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনিন্দ্ৰ চমোৱা নেতৃত্বত এটা আৰক্ষী বাহিনীৰ দল উক্ত ঘটনাস্থলীত উপস্থিত হৈ উত্তেজিত ৰাইজক শান্ত কৰাবলৈ চেষ্টা কৰে।

ইপিনে পেঙেৰীস্থিত সেনাবাহিনী দল এটাও উক্ত স্থানত গৈ উপস্থিত হৈ পৰিস্থিতিৰ শান্ত কৰিবলৈ চেষ্টা চলাই। বহু সময়ৰ পিছত উদ্যোগক্তা সমিতিৰ লগতে জাজকজনে বৃদ্ধজনৰ ওচৰত হাতযোৰ কৰি ক্ষমা প্ৰাৰ্থনা কৰাত উত্তেজিত লোকসকল শান্ত হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in