মাৰ্ঘেৰিটাত বনৰীয়া হাতীৰ উপদ্ৰৱ, লণ্ড-ভণ্ড ৪ টা বাসগৃহ, আহত এজন…

মাৰ্ঘেৰিটাত বনৰীয়া হাতীৰ উপদ্ৰৱ, লণ্ড-ভণ্ড ৪ টা বাসগৃহ, আহত এজন…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাৰ ২ নং মাকুম পথাৰ অঞ্চলত শুকুৰবাৰে নিশা হাতীৰ এটা জাকে উপদ্ৰপ চলাই বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে ভাঙি লণ্ড ভণ্ড কৰিলে চাৰিটাকৈ বাসগৃহ। নিশা প্ৰায় ২ মান বজাত হাবিৰ পৰা ওলাই অহা হাতীৰ এটা জাকে ৰাজা গোৱালা, মিঠু গোৱালা, ৰাজেন তাঁতী আৰু কিস্তমণি ভূমিজৰ ঘৰত প্ৰৱেশ কৰি বিষ্টৰ ক্ষতি সাধন কৰে৷ কথমপি প্ৰান ৰক্ষা পৰে চাৰিটাকৈ পৰিয়ালৰ।

ইফালে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৰাজেন তাঁতী নামৰ এজন ব্যক্তি৷ হাতীয়ে ব্যক্তিজনৰ পেটত আঘাত কৰাৰ ফলত বৰ্তমান অসুষ্ট হৈ পৰিছে লোকজন৷ বৰ্তমান লোকজনক মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in