মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে আৰক্ষী জোৱানে

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে আৰক্ষী জোৱানে

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা আৰক্ষীৰ থানাৰ অন্তৰ্গত আলুবাৰীত নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত এজন আৰক্ষী জোৱানে কৰুণ মৃত্যুক আকোৱালি ল'ব লগা হয়। মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যলয়স্থিত "ষ্ট্ৰংৰুম"ৰ দায়িত্বত থকা নগাঁও জিলাৰ লংকাৰ নিৱাসী চিৰঞ্জিৎ দাসৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে, মাৰ্ঘেৰিটা আৰক্ষীৰ থানাৰ অন্তৰ্গত ডিবং চিংফৌ গাঁৱত অনুষ্ঠিত পয়-লেং উৎসৱৰ পৰা সতীৰ্থৰ সৈতে বাইকেৰে মাৰ্ঘেৰিটা ঘুৰি আহোতে বিপৰীত দিশৰ পৰা আহি থকা এখন বাইকৰ লগত মূখামূখী সংঘৰ্ষ হয় আৰু আৰক্ষীৰ জোৱান জনে কৰুণ মৃত্যুক আকোৱালি ল'ব লগাত পৰে। ইতিমধ্য মাৰ্ঘেৰিটা আৰক্ষী থানাই মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। অন্যহাতে অমল মাউত নামৰ আন এজন যুৱক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নিশাই ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in