শেহতীয়া খবৰ
বিদেশ ভ্ৰমণৰ বাবদ কিমান খৰচ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে...  •  তেজপুৰৰ বিহগুৰিত ৭০-৮০টা বনৰীয়া হাতীৰ জাকে নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰিলে কৃষকক  •  উত্তৰ-পূব কেন্দ্ৰ প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰসাৰ সঞ্চালক ডঃ অৰুণ কুমাৰ শৰ্মাৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প পৰিদৰ্শন  •  কেবৰ প্ৰসংগত নকৰিলে মন্তব্য, মুখ্যমন্ত্ৰী সোণোৱালে ক'লে, ঋক বেদত কৈছে মা আদি গুৰু, এই পৃথিৱীত মাতৃয়েই সকলোতকৈ ডাঙৰ গুৰু  •  ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO  •  নলবাৰীত ৭টা পৰ্যায়ত মাৰাথন দৌৰ...  •  গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত  •  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  কটন বিশ্ববিদ্যালয়ত ‘The Unquiet River: A Biography of the Brahmaputra’ উন্মোচন...  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...

মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত

251

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ লিডুৰ উপকন্ঠৰ বৰগোলাইত সোমবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি লিডুৰ দিশৰ পৰা যোৱা এখন গাড়ীয়ে বিপৰীত দিশৰ পৰা অহা স্কুটীত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনা সংঘটিত কৰি গাড়ীখন পলাই যায়। প্রত্যক্ষদৰ্শীৰ মতে গাড়ীখন ডাম্পাৰ আছিল। আনহাতে নিহত যুৱকজনৰ পৰিচয় বাতৰি যুগুত কৰা সময়ৰ লৈকে জানিব পৰা হোৱা নাই। সোমবাৰে সন্ধিয়া প্ৰায় ৬.৪৫ বজাত ৩৮ নং ঘাইপথত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ সমীপত সংঘটিত দুৰ্ঘটনাটোত এএছ২৩ভি৪৯৩০ নম্বৰৰ স্কুটিখনৰ আৰোহীজন নিহত হয়।

আৰোহীজনৰ শৰীৰৰ ওপৰেদি দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন পাৰ হোৱাৰ ফলত মষ্টিস্কত বেয়াকৈ আঘাট পায়। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনক আৰক্ষীয়ে জব্দ কৰি লিডু আৰক্ষী চকিলৈ লৈ আহে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি