মাৰ্চ এণ্ডিঙত হুচিয়াৰ! টেবুলৰ তলেৰে টোপোলা লোৱা সকলৰ ওপৰত নজৰ ৰাখিছে এন্টি কৰাপচনে

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ মাৰ্চ মাহ অহাৰ মানে চৰকাৰ বিভাগে ইতিমধ্যে আৰম্ভ হৈছে ব্যস্ততা। মাৰ্চ মাহৰ শেষলৈ এই ব্যস্ততাযে তুংগত উঠে এই কথা সকলোৱে জানে। ইয়াৰ মূল কাৰণটোৱে হ'ল মাৰ্চ মাহ মানে পুৰণি কামৰ লগতে কাম নকৰাকৈ বিল আদায়ৰো মাহ। ইয়াৰ নামতে বহে বৃহৎ কমিছনৰ বজাৰ। এইবাৰ পিছে বিভাগসমূহৰ বিষয়া-কৰ্মচাৰী ঠিকাদাৰৰ বাবে মাৰ্চ মাহ ব'ৰ সুখকৰ নহ'ব।

তেনে ইংগিতেই পোৱা গৈছে ভিজিলেন্স আৰু এন্টি কৰাপচনৰ শেহতীয়া এক জাননীত। জাননীখনত আওঁপকীয়াকৈ বিষয়া-কৰ্মচাৰীক সকীয়নি দিয়াৰ লগতে ৰাইজকো কৰি দিয়া হৈছে সতৰ্ক। ভুৱা বিল প্ৰস্তুত অথবা বিল আদায়ৰ নামত কাৰ্যালয়ে-কাৰ্যালয়ে হোৱা বিত্তীয় লেনদেনৰ খবৰ পালেই তাৰ তথ্য ফোন অথবা ফটোযোগে বিভাগীয় সঞ্চালকালয়ক জনাবলৈ ৰাজহুৱা কৰা হৈছে কেইটামান ফোন নম্বৰো।

কোৱা হৈছে, যিয়ে এনে দুস্কাৰ্য সংঘটিত হোৱাৰ খবৰ পাব সেই সকলোৱে ফোনৰ জৰিয়তে অথবা ফটোৰ জৰিয়তে এই অভিযোগ বিভাগটোক দিব পাৰিব। বিভাগে নিজেও টেবুলৰ তলেৰে অবৈধ ধনৰ লেনদেন হোৱা এই কাৰ্যৰ ওপৰত চোকা দৃষ্টি ৰাখিব।

সেয়েহে এইবাৰ মাৰ্চ মাহত কাম নকৰাকৈ ধনৰ বিনিময়ত ভুৱা বিলেৰে ধন উলিয়াই নিয়া অথবা বিলৰ পাছ কৰাৰ বাবদ বিষয়া-কৰ্মচাৰীয়ে ধন লোৱাৰ ক্ষেত্ৰত সাৱধান নহ'লে বিহুৰ বতৰত ৰঙাঘৰত ভাত খাবলগীয়াও হ'ব পাৰে। লেনদেনৰ খবৰ পালেই ফোন কৰক 0361-2462294, 0361-2462295, 94350 19737 অথবা 18003453767 নম্বৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in