শেহতীয়া খবৰ
মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...

চৰ্ত সাপেক্ষেহে জোৱানজনক মুক্তি দিয়া হ’বঃ মাওবাদী

689

ডিজিটেল ডেস্কঃ ছট্টিশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ আক্ৰমণত ২২ জন জোৱান নিহত হোৱা ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলাইছে। মাওবাদীয়ে এক বিবৃতিৰ জৰিয়তে আন এক কথাও সদৰি কৰিছে। মাওবাদীয়ে কৈছে যে, নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ সংঘৰ্ষত সময়তে তেওঁলোকে নিৰাপত্তাৰক্ষী এজনক অপহৰণ কৰিছে।

বিবৃতিৰ যোগেদি জোৱানজনৰ মুক্তিৰ বাবে তেওঁলোকে কেইজনমান মধ্যস্থতাকাৰী বিচাৰিছে। বৰ্তমানেও জোৱানজনক তেওঁলোকে নিৰাপদভাৱে ৰাখিছে আৰু যেতিয়াই তেওঁলোকক মধ্যস্থতাকাৰী দিয়া হ’ব তেতিয়াই জোৱানজনক আৰক্ষীৰ হাতত গতাই দিব। মাওবাদীয়ে অপহৃত ৰাকেশ্বৰ সিং নামৰ জোৱানজনৰ ফটোখনো প্ৰেৰণ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি