দূৰ্নীতি বি পি এফৰ ঐতিহাসিক ভুল: প্ৰমোদ বড়ো…

দূৰ্নীতি বি পি এফৰ ঐতিহাসিক ভুল:  প্ৰমোদ বড়ো…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ শাসন কালত বিভিন্ন বিভাগত সংঘটিত হোৱা কোটি কোটি টকাৰ দূৰ্নীতিয়ে বিপিএফৰ ঐতিহাসিক ভুল আছিল বুলি আজি মন্তব্য কৰিছে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োই ।

কোকৰাঝাৰস্থিত এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউচত সংবাদমাধ্যমৰ আগত উক্ত মন্তব্য কৰি প্ৰমোদ বড়োই মডেল বিটিচি গঢ়াৰ নামত দূৰ্নীতিৰ বোকাত লুতুৰি পুতুৰি হোৱা বিপিএফৰ শাসনকালতে সহস্ৰ নিবনুৱাক বঞ্চনা কৰি অকল বিটিচিৰ প্ৰাক্তন প্ৰধান সচিব ৰবিনঞ্চন মুছাহাৰীয়ে নিজ সন্তানক কোনো পৰীক্ষা অনুষ্ঠিত নকৰাকৈ নিযুক্তি দিয়া কাৰ্যৰো গৰিহণা প্ৰকাশ কৰিছে প্ৰমোদ বড়োই ।

আনহাতে কোৰোনাৰ বাবেই বিটিচিৰ নিৰ্বাচন স্থগিত হোৱা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োই কয় যে নিৰ্বাচনতকৈ জীৱনৰ মুল্য বেছি । নিৰ্বাচন দুদিন পিছত হলেও কোনো আপত্তি নাই , কিন্তু বৰ্তমান জীৱনলৈ অহা ভাবুকিক অৱহেলা কৰাটো উচিত নহব । নিৰ্বাচনৰ নামত কৰ'নাৰ কাম -কাজ যাতে ক্ষতিগ্ৰস্থ নহয় তাৰ প্ৰতি গুৰুত্ব দিয়াৰ আহ্বান জনাই প্ৰমোদ বড়োই ৰাজ্যপাল শাসনৰ কিছুমান পদক্ষেপক প্ৰশংসা কৰে ।

ইপিনে আজি ইউপিপিএলৰ কোকৰাঝাৰস্থিত মুখ্য কাৰ্যালয়ত সামাজিক দুৰত্ব বৰ্তাই ৰাখি কোকৰাঝাৰ জিলা আমছুৰ প্ৰাক্তন কাৰ্য্যকৰী সভাপতি কুনছুৰ আলী , উপ সভাপতি ছফিকুল ইচলাম সহ ২৫ জন আমছুৰ নেতা কৰ্মীৰ লগতে আন বিভিন্ন দল সংগঠনৰ পৰা প্ৰায় শতাধিক সদস্যই ইউপিপিএলত যোগদান কৰে ।

আনহাতে মৰিয়নীত সংঘটিত হোৱা নিৰ্মম হত্যাকাণ্ডৰ গৰিহণা প্ৰকাশ কৰি প্ৰমোদ বড়োই ঘটনাৰে জড়িত অভিযুক্তক আটক আৰু আইন অনুসাৰে শাস্তিৰ দাবী উত্থাপন কৰিছে । তদুপৰি কভিড ১৯ সংহাৰত উদ্বেগ প্ৰকাশ কৰি প্ৰমোদ বড়োই সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইক্ষেত্ৰত বিশ্ববিদ্যালয় আৰু কলেজ অধ্যাপকৰ দ্বাৰা শিক্ষাৰ্থীৰ মাজত সচেতনতা সভাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in