পলকতে কেইখনমান জিলাৰ শেহতীয়া ফলাফল

পলকতে কেইখনমান জিলাৰ শেহতীয়া ফলাফল

গোলাঘাট জিলাত সম্পন্ন পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাঃ

  • ১৭খন জিলা পৰিষদৰ সদস্যৰ আসনৰ ভিতৰত বিজেপিয়ে ৯খন আৰু কংগ্ৰেছে দখল কৰিছে ৮খন।
  • ১০২টা পঞ্চায়ত সভাপতি পদৰ ভিতৰত বিজেপিয়ে ৪৫, কংগ্ৰেছে ৪০ আৰু অগপই ১৭টা দখল কৰিছে।
  • আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজেপিৰ ৪৮, কংগ্ৰেছৰ ৪১ আৰু অগপৰ ১৩গৰাকী প্ৰাৰ্থীৰ জয়লাভ।

গোৱালপাৰাৰ জিলাৰ ১৬খন জিলা পৰিষদৰ ফলাফল ঘোষণাঃ

  • ৭ খনত কংগ্ৰেছ, ৩ খনত এ আই ইউ ডি এফ, ৩ খনত বিজেপি, এখনত ৰাভা হাচং যৌথ সংগ্ৰাম সমিতি আৰু ২খনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী।
  • কংগ্ৰেছে দখল কৰা জিলা পৰিষদসমূহ হ'ল ভাশানীপাৰা, চুনাৰী, কৃষ্ণাই, মাটিয়া, ৰংজুলি, আমবাৰী আৰু আগিয়া।
  • বিজেপিৰ দখললৈ যোৱা জিলা পৰিষদসমূহ হ'ল ধূপধাৰা, কুশধোৱা আৰু বদাহপুৰ।
  • আনহাতে, জলেশ্বৰ, টাকিমাৰী আৰু ৰাজমিতা জিলা পৰিষদ দখল কৰিছে  এ আই ইউ ডি এফে।
  • দ্বাৰকা জিলা পৰিষদ দখল কৰিছে ৰাভা হাচং যৌথ সংগ্ৰাম সমিতিয়ে।
  • দদান আৰু শ্ৰী সূৰ্যগিৰি জিলা পৰিষদত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ।

কাছাৰ জিলাত এইপৰ্যন্ত জিলা পৰিষদৰ ২৭খন আসনৰ ভিতৰতঃ

  • বিজেপিয়ে ৮খন আৰু কংগ্ৰেছে লাভ কৰিছে ৬খন।
  • বাকী আসনৰ ফলাফল ঘোষণা হ'বলৈ এতিয়াও বাকী।
  • মুঠ ১৬২টা গাঁও পঞ্চায়তৰ সভাপতি পদৰ ভিতৰত বিজেপিয়ে ৫৬টা, কংগ্ৰেছে ৩৬টা, নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিছে ৯টা পদ আৰু অন্যান্যই পাইছে এটা পদ।
  • ১৬২টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ৫৯টাত বিজেপি, ৩২টাত কংগ্ৰেছ আৰু ১০টাত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে।
  • মুঠ ১৬২০টা গাঁও পঞ্চায়তৰ সদস্য পদৰ ভিতৰত এইপৰ্যন্ত বিজেপিয়ে ৪৫৩টা, কংগ্ৰেছে ৩৬২টা, অগপই ৬টা,  এ আই ইউ ডি এফে ১০টা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ১৭২টা, অন্যান্যই ২টা দখল কৰিছে।

বটদ্ৰৱা সমষ্টিৰ ৮নং টুকটুকী জিলা পৰিষদৰ সদস্য পদত এ আই ইউ ডি এফ প্ৰাৰ্থীৰ জয়লাভ। জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে গোলাম ৰাব্বানী।

নগাঁৱত জিলা পৰিষদৰ ১২খন আসনত বিজেপি।

  • ১১খনত কংগ্ৰেছৰ জয়লাভ।
  • অগপই তিনিখন আসন দখল কৰাৰ বিপৰীতে এ আই ইউ ডি এফে দখল কৰিছে তিনিখন জিলা পৰিষদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in