‘মানুহে মানুহৰ বাবে, মঙলদৈ’ গ্ৰুপৰ প্ৰশংসনীয় পদক্ষেপ,বীৰেন্দ্ৰ ডেকাৰ অস্ত্ৰোপচাৰৰ বাবে আগবঢ়ালে আৰ্থিক সহায়…

‘মানুহে মানুহৰ বাবে, মঙলদৈ’ গ্ৰুপৰ প্ৰশংসনীয় পদক্ষেপ,বীৰেন্দ্ৰ ডেকাৰ অস্ত্ৰোপচাৰৰ বাবে আগবঢ়ালে আৰ্থিক সহায়…

ডিজিটেল ডেস্কঃ যি সময়ত এচাম নৱ প্ৰজন্মক লৈ বিভিন্ন জনে কটু মন্তব্য কৰি আহিছে, ঠিক তেনে সময়তে শনিবাৰে কাতি বিহুৰ দিনাখন মঙলদৈ জ্ঞানবিকাশ একাডেমীৰ ছাত্ৰ – ছাত্ৰী সকলে দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। শনিবাৰে কাতি বিহুৰ চৰকাৰী বন্ধৰ দিন। কিন্তু কোৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱত বিগত ৭ মাহে ছাত্ৰ ছাত্ৰীয়ে শিক্ষানুষ্ঠান গচকিবলৈ সক্ষম হোৱা নাছিল।

শেহতীয়াকৈ চৰকাৰে কোভিড নীতি নিয়ম মানি উচ্চতৰ মাধ্যমিক পৰ্য্যায়ৰ পাঠদানত অনুমতি প্ৰদান কৰাত অন্যান্য শিক্ষানুষ্ঠানৰ লগতে মঙলদৈৰ জ্ঞানবিকাশ একাডেমীতো আৰম্ভ হৈছে পাঠদান। কিন্তু বিগত ৭ মাহত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত হোৱা ক্ষতি কিছু পৰিমাণে পূৰণাৰ্থে কাতি বিহুৰ বন্ধ দিনটোতো পাঠদান অব্যাহত ৰাখি এক নিদৰ্শন দাঙি ধৰা এই শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষৰ নেতৃত্বত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলে মঙলদৈ ৰঙামাটিৰ নিবাসী, মানৱতাবাদী কৰ্মী বীৰেন্দ্ৰ ডেকাৰ চকুৰ অস্ত্ৰোপচাৰৰ বাবে আগবঢ়ালে মুঠ ১১৩৬৫ টকা।

উল্লেখ্য যে, বিভিন্ন ৰোগত আক্ৰান্ত বীৰেন্দ্ৰ ডেকাই দুয়োটা চকুৰে দেখা নাপায়। কমবয়সীয়া এই যুৱক জনে অৰ্থৰ অভাৱত চকুৰ ৰেটিনাৰ অস্ত্ৰোপচাৰ কৰিব পৰা নাই। এই কথাটো 'মানুহে মানুহৰ বাবে, মঙলদৈ' গ্ৰুপে চছিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ পিছতেই সহায়ৰ হাত আগবঢ়াবলৈ আহিছে কেইবাজনো মানৱতাবাদী ব্যক্তিৰ লগতে মঙলদৈ জ্ঞানবিকাশ একাডেমীৰ সঞ্চালক কুশল কলিতা, শিক্ষক – শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী।

শনিবাৰে 'মানুহে মানুহৰ বাবে, মঙলদৈ' গ্ৰুপৰ সদস্য সকল শিক্ষানুষ্ঠানখনত উপস্থিত হোৱাত শিক্ষানুষ্ঠান খনৰ ছাত্ৰ – ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলে আগবঢ়ালে মুঠ ৬৩৩৫ টকা। তদুপৰি শিক্ষানুষ্ঠান খনৰ সঞ্চালক কুশল কলিতাই আগবঢ়াইছে ৫ হাজাৰ টকা। 'মানুহে মানুহৰ বাবে, মঙলদৈ' গ্ৰুপৰ সদস্য ক্ৰমে- সাংবাদিক গণেশ দত্ত, অধ্যাপক হৰিমন ডেকা, ৰক্তদাতা শেখৰ মজুমদাৰ, ৰাতুল ডেকা, জয়প্ৰকাশ শৰ্মা, কন্দৰ্প ডেকা, ধ্ৰুৱজ্যোতি বৰা, যুতিকা নাথ, তৃষ্ণা হাজৰিকা, কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ দিবাকৰ বৈশ্য আদিৰ উপস্থিতিত ছাত্ৰ ছাত্ৰী সকলে সুধাকণ্ঠৰ 'মানুহে মানুহৰ বাবে—-' গীতটি সমস্বৰে পৰিবেশন কৰি বৰঙণি পাত্ৰত এটকাৰ পৰা ১০০ টকালৈ আগবঢ়ায়।

সঁচাকৈয়ে 'ৰাইজে নখ জোকাৰিলে নৈ বয়' কথাষাৰ আজি প্ৰতিফলিত হ'ল মানৱতাৰ ৰম্যভূমি মঙলদৈ জ্ঞানবিকাশ একাডেমীত। ইফালে বীৰেন্দ্ৰ ডেকাৰ চিকিৎসাত সহায় কৰিবলৈ আগবাঢ়ি আহিছে ডঃ লীনা শইকীয়া, হৰিমন ডেকা, তৃষ্ণা হাজৰিকা, মলয় বৰুৱা, মুকুট ডেকা, মীনাক্ষী চহৰীয়া, যুতিকা নাথ, নিবেদিতা নাথ, নিহাল হক, কুমাৰেশ দত্ত, অৰূপ মজুমদাৰ, দিপাঞ্জল চহৰীয়া, বৰদা শইকীয়া, বন্নী আনন্দ, গৌতম কলিতা, জিতুমণি চহৰীয়াকে ধৰি ভালে কেইজন মানৱতাবাদী ব্যক্তি। ইফালে ইচ্ছুক ব্যক্তিক বীৰেন্দ্ৰ ডেকাৰ ভাৰতীয় ষ্টেট বেংকৰ মঙলদৈ শাখাত থকা একাউণ্ট নম্বৰ ৩০২৪৩৫৭৪৬৬৭ (আই এফ এচ ক'ড এচ বি আই এন ০০০০১৩০)ত বৰঙণি দিব পাৰিব বুলি 'মানুহে মানুহৰ বাবে, মঙলদৈ' গ্ৰুপৰ তৰফৰ পৰা জনাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in