কোন মুখ্যমন্ত্ৰীয়ে বিচাৰি ফুৰিছে ‘কাশ্মীৰী বোৱাৰী’…

কোন মুখ্যমন্ত্ৰীয়ে বিচাৰি ফুৰিছে ‘কাশ্মীৰী বোৱাৰী’…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে বিশেষাধিকাৰ কৰ্তন কৰাৰ আনন্দ উৎসৱ পালন কৰি উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি বিধায়কে 'এতিয়া বিজেপিৰ নেতা-কৰ্মীয়ে কাশ্মীৰী বগা ধুনীয়া ছোৱালী বিয়া কৰাব পাৰিব' বুলি মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। সেই বিতৰ্ক মাৰ নৌযাওঁতেই এইবাৰ হাৰিয়ানাৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে কাশ্মীৰী যুৱতীক লৈ কৰা এক মন্তব্যই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

খবৰ অনুসৰি, ফৰিদাবাদত এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে কাশ্মীৰৰ বিশেষাধিকাৰ কৰ্তন সন্দৰ্ভত মন্তব্য কৰি কয়, 'এতিয়া হাৰিয়ানাৰ লোকসকলেও কাশ্মীৰৰ পৰা বোৱাৰী আনিব পাৰিব। আমাৰ মন্ত্ৰী ওপি ধনখড়ে কয় তেওঁ হেনো বিহাৰৰ বোৱাৰী আনিব। কিন্তু এতিয়া সকলোৱে ক'বলৈ আৰম্ভ কৰিছে যে কাশ্মীৰৰ পথ হে বেছি প্ৰশস্ত হৈছে। এতিয়া আমি কাশ্মীৰৰ ছোৱালী আনিম।'

ইফালে, মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে। মনোহৰলাল খট্টৰ এনে মন্তব্যই আৰএছএছ নেতা-কৰ্মীৰ অনুশাসন আৰু দুৰ্বল মানসিকতাৰ প্ৰমাণ দিছে বুলি মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰে ৰাহুল গান্ধীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in