হাটশিঙিমাৰীৰ ইছলামপুৰত চিকিৎসকৰ মৃতদেহ উদ্ধাৰ…

হাটশিঙিমাৰীৰ ইছলামপুৰত চিকিৎসকৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ ইছলামপুৰত দেওবাৰে এগৰাকী মহিলা দন্ত চিকিৎসকৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰামতে মানকাচৰ থানাৰ অন্তৰ্গত কালাপানী আৰক্ষী চকী এলেকাৰ কাজীপুৰ গাওঁৰ দন্ত চিকিৎসক সেখ মহেচিনা বেগমৰ মৃতদেহ চীপ লোৱা অৱস্থাত উদ্ধাৰ হয়।

প্ৰায় এবছৰ পূৰ্বে জিলাখনৰ দক্ষিণ শালমাৰা থানা এলেকাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অধীনস্থ আবুল হুছেইন মোল্লাৰ পুত্ৰ ইছমাইল হুছেইন মোল্লাৰ লগত বিবাহ পাশত আৱদ্ধ হোৱা মহিলাগৰাকীৰ স্বামী গৃহতে এনেকৈ অস্বাভাৱিক ভাৱে মৃত্যু হোৱা ঘটনাটোত প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে। সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

ইফালে ৰহস্যজনকভাৱে পত্নীৰ মৃত্যুৰ পাছতেই তেওঁৰ স্বামীসহ পৰিয়ালৰ লোকে পলায়ন কৰা বিষয়টোৱে ঘটনাটো অধিক ৰহস্যজনক কৰি তুলিছে। সমগ্ৰ ঘটনাৰ প্ৰসঙ্গত মৃত মহিলাগৰাকীৰ পিতৃয়ে স্থানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। উক্ত এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও তদন্ত প্ৰক্ৰিয়াৰ অন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in