কোভিড ১৯ প্ৰট’কল মানি মানকাচৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় পাঠদান…

কোভিড ১৯ প্ৰট’কল মানি মানকাচৰত  ব্যক্তিগত খণ্ডৰ বিদ্যালয় পাঠদান…

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : মানকাচৰ জিলাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ কোভিড ১৯ প্ৰটকল মানি ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতি পাঠদান চলি থকা পৰিলক্ষিত হৈছে।উল্লেখযোগ্য যে জিলাৰ সদৰ হাটশিঙিমাৰীস্থ সাৰ্বজনীন জাতীয় বিদ্যালয়, ৰেইনবো ইংলিছ একাডেমীকে ধৰি জিলা খনৰ প্ৰায় প্ৰতিখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কোভিড ১৯ ৰ নীতি নিয়মৰ মাজেৰে পাঠদান চলি আছে।

ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ত প্ৰৱেশ কৰাৰ সময়ত প্ৰথমে হেণ্ড চেনিটাইজ কৰি মুখত মাস্ক পৰিধান কৰি শ্ৰেণী কোঠাত সোমোৱাব লাগে। এখন বেঞ্চত দুজনকৈ শিক্ষাৰ্থী মুখত মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব বজাই ৰাখি শিক্ষক সকলে পাঠদান দিয়া পৰিলক্ষিত হয়।

তদুপৰি বিদ্যালয়ৰ শিক্ষাৰ্থী সকলক শ্ৰেণী অনুযায়ী দুটা ভাগ কৰি এটা শ্ৰেণীৰ শিক্ষাৰ্থীক সপ্তাহত তিনি পাঠদান দিয়াৰ ব্যৱস্থা কৰাৰ ফলত প্ৰতিদিনে ব্যক্তিগত বিদ্যালয় সমূহত ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতি হয়। জিলা খনত আজি পুৱালৈ মুঠ ১৯ গৰাকী লোক কোৰণাত আক্ৰান্ত হৈ থকাৰ ফলত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ কোভিড প্ৰটকল মানি ৫০ শতাংশ শিক্ষাৰ্থীক দৈনিক পাঠদান দিয়া পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in