স্বাস্থ্য কেন্দ্ৰৰ পুতৌ লগা দৃশ্য, জিৰণি কোঠাতেই ৰোগীক চেলাইন…VIDEO

স্বাস্থ্য কেন্দ্ৰৰ পুতৌ লগা দৃশ্য, জিৰণি কোঠাতেই ৰোগীক চেলাইন…VIDEO

স্বাস্থ্য কেন্দ্ৰৰ পুতৌ লগা দৃশ্য, জিৰণি কোঠাতেই ৰোগীক চেলাইন

ডিজিটেল ডেস্ক: কোৰোনাৰ এই সংকটৰ সময়ত প্ৰত্যেকজন লোকৰে ভৰসা হৈ পৰিছে চিকিৎসালয় সমূহ। কিন্তু ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দুৰ্বল আন্তঃগাঁথনিয়ে বাৰুকৈয়ে বিপদত পেলাই সাধাৰন জনতাক। তেনে এক সমস্যাৰে সন্মুখীন হৈছে মানকাচৰৰ কালাপানীবাসী। এটা  স্বাস্থ্য কেন্দ্ৰৰ দৃশ্যই এতিয়া হতভম্ব কৰিছে স্থানীয় লোকক। এই কেন্দ্ৰত ৰোগীৰ চিকিৎসা  কেন্দ্ৰৰ ভিতৰত নহয়,  চিকিৎসা  কৰা হয় বাহিৰত থকা জিৰণি কোঠাত।

মানকাচৰ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কালাপানী এলেকাৰ অধীনত বসবাস কৰা প্ৰায় ১ লাখ লোকৰ প্ৰাথমিক চিকিৎসাৰ বাবে স্থাপন কৰা স্বাস্থ্য কেন্দ্ৰ হৈছে এই সাদুল্লাবাৰী উপ স্বাস্থ্য কেন্দ্ৰ। কিন্তু আচৰ্যকৰ বিষয় যে,  এই স্বাস্থ্য কেন্দ্ৰটোত ৰোগী ৰখাৰ কোনো ব্যৱস্থা নাই।কেন্দ্ৰটোত ৰোগীৰ বাবে বিচনা নাই, নাই জৰুৰী সেৱাৰ বাবে ব্যৱহৃত এম্বুলেন্স ।

প্ৰতিদিনে শতাধিক ৰোগী চিকিৎসাৰ বাবে আহে স্বাস্থ্য কেন্দ্ৰটোলৈ কিন্তু চিকিৎসা সেৱাৰ নামত কেন্দ্ৰটোত  ৰোগীয়ে লাভ নকৰে নূন্যতম চিকিৎসা।এগৰাকী অসুস্থ ৰোগীক জিৰণি কোঠাত চেলাইন দি চিকিৎসা কৰি থকাৰ সময়তে একাংশ সচেতন লোকে প্ৰত্যক্ষ কৰি সংবাদ মাধ্যমত প্ৰকাশ কৰাৰৰ পাছত সমগ্ৰ তথ্য পোহৰলৈ কেন্দ্ৰটোত পূৰ্বৰে এইদৰে চিকিৎসা প্ৰদান কৰি অহা হৈছে।

বৃহত্তৰ কালাপানী এলেকাৰ অধীনত  এইখন সাদুল্লাবাৰী উপস্বাস্থ্য কেন্দ্ৰত প্ৰায়  ২০ বছৰ পূৰ্বে দুখনকৈ এম্বুলেন্স আছিল কিন্তু এম্বুলেন্স দুখন বিকল হৈ পৰাত দীৰ্ঘদিন ধৰি ৰোগী অনা নিয়া কৰাৰ কোনো ব্যৱস্থা নাই  বুলি জানিবলৈ দিছে স্বানীয় লোকে। আনকি অতি জৰুৰীকালীন অৱস্থাত ৰোগীক ব্যক্তিগত গাড়ীৰ বাহিৰে কঢ়িয়াব পৰা ব্যৱস্থাো নাই কেন্দ্ৰটোত ।

ৰোগীৰ সুবিধাৰ বাবে বিচনাযুক্ত কেন্দ্ৰলৈ উন্নীত কৰা আৰু উন্নত সা-সজুঁলি যোগান ধৰিবলৈ স্ব্যাস্থ মন্ত্ৰী কেশৱ মহন্তক আহ্বান জনাইছে  বৃহত্তৰ কালাপানী অঞ্চলৰ ৰাইজে। ইয়াৰ বিপৰীতে কেন্দ্ৰটোৰ চিকিৎসক গৰাকীৰ ভাষ্য অনুসৰি  এই স্বাস্থ্য কোন্দ্ৰটোৰ নামত অতিৰিক্ত কোনো ঘৰ নাই যাৰ বাবে  কেৱল আবাস গৃহতে চিকিৎসা প্ৰদান কৰিব লগা হৈছে। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in