মানকাচৰৰ কাকৰিপাৰাত ট্ৰেক্টৰৰ খুন্দাত নিহত কিশোৰ

মানকাচৰৰ কাকৰিপাৰাত ট্ৰেক্টৰৰ খুন্দাত নিহত কিশোৰ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী কাকৰিপাৰাত মঙলবাৰে দিনৰ প্ৰায় ২ বজাত মাটি কঢ়িওৱা এখন ট্ৰেক্টৰৰ খুন্দাত এটি ১১ বছৰীয়া কিশোৰ নিহত হয়। উল্লেখযোগ্য যে, ছটিমাৰী গাঁৱৰ ফকিৰচান্দৰ পুত্ৰ মিলন মিয়া (১১) মানকাচৰ-কাকৰিপাৰা পথৰ কাষত বহি থকা অৱস্থাত মাটি কঢ়িওৱা ট্ৰেক্টৰ এখন নিয়ন্ত্ৰণ হেৰুৱাই কিশোৰটোৰ ওপৰেদি গৈ পথৰ পৰা বাগৰি পৰে।

লগে লগে স্থানীয় ৰাইজে কিশোৰটোক মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও ইতিমধ্যে মৃত্যু মুখত পৰা বুলি চিকিৎসকে ঘোষণা কৰে। কিশোৰটিৰ এইদৰে অকালতে মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। সম্প্ৰতি আৰক্ষীয়ে ট্ৰেক্টৰ খন জব্দ কৰাৰ লগতে নিহত কিশোৰৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in