অসম-মেঘালয় সীমান্তৰ অয়ডোৱা-বাংগালকাটা কালি মন্দিৰৰ মাটি খন্দাক লৈ উত্তেজনা

অসম-মেঘালয় সীমান্তৰ অয়ডোৱা-বাংগালকাটা কালি মন্দিৰৰ মাটি খন্দাক লৈ উত্তেজনা

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী অয়ডোবা-বাংগালকাটা কালি মন্দিৰৰ ভূমি দূবৃৰ্ত্তই জেচিবিৰে খন্দাক লৈ মঙলবাৰে নিশা অসম-মেঘালয় সীমান্তত উত্তজনাময় পৰিবেশৰ সৃষ্টি হয়। নিশা প্ৰায় ১০ বজাত জিলা প্ৰশাসনৰ নেতৃত্বত আৰক্ষীৰ দল এটা ঘটনাস্থলীত গৈ এটা জেচিবি জব্দ কৰাৰ সময়তে ঘটনাস্থলীৰ পৰা দূবৃৰ্ত্তৰ দলটো পলায়ন কৰে।

উল্লেখযোগ্য যে, মানকাচৰ থানা এলেকাৰ অয়ডোৱা গাঁৱৰ কাষতে থকা বাংগালকাটা কালি মন্দিৰৰ মাটিৰ সীমাৰ ভিতৰত দূবৃত্তই জেচিবিৰে মাটি খান্দি নিয়াৰ অভিযোগ উঠিছে। মন্দিৰৰ মাটি কটা ঘটনাটো মন্দিৰ কমিটিয়ে বাধা দিয়াৰ লগতে একাংশ স্থানীয় মুছলমান লোকেও বাধা দিছে যদিও ৰাইজৰ বাধা নামানি নিশা মাটি খান্দিবলৈ ধৰে। ফলত স্থানীয় ৰাইজে জিলা প্ৰশাসনক অৱগত কৰাৰ ফলত নিশা জিলা প্ৰশাসনৰ ফালৰ পৰা জিলা অতিৰিক্ত উপায়ুক্ত ৰাজেশ্বন তেৰাং, জিলা সহকাৰী আয়ুক্ত শশী কুমাৰ ডেকা, দিপাংকৰ নাথৰ নেতৃত্বত জিলা আৰক্ষীৰ অতিৰিক্ত আধীক্ষক ৰাজেন্দ্ৰ ওজা, জিলা সহকাৰী অধীক্ষক আৰিফ আহমেদ সহ আৰক্ষীৰ দল এটা প্ৰায় ১০ বজাত ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। এনেতে ইতিমধ্যে মাটি কটা দূবৃত্তৰ দলটো পলায়ন কৰে যদিও ঘটনাস্থলীত আৰক্ষীয়ে জেচিবি এখন জব্দ কৰিবলৈ সক্ষম হয়।

স্থানীয় কোচ সম্প্ৰদায়ৰ লোক সকলে দাবী কৰা মতে মন্দিৰ পৰিচালনা কমিটিক অৱগত নকৰাকৈ মাটি কাটি নিয়াৰ কাম কৰিছিল দূবৃত্তৰ দলটোৱে। ঘটনাক লৈ আৰক্ষীৰ ওচৰত বুধবাৰে দূবৃত্তৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে বুলি জিলা আৰক্ষীৰ সহকাৰী অধীক্ষক আৰিফ আহমেদ জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in