পি এম কিষান আঁচনিত হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰীঃ উভতাই দিব লাগিব ধন…

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ

  • ৰাজ্যত পি এম কিষান আচঁনিক লৈ ভয়াবহ জালিয়ািত সংঘটিত হৈছে।
  • জিলাই-জিলাই লাখ লাখ ভুৱা হিতাধিকাৰীয়ে হৰলুকী কৰিছে আঁচনিৰ লাখ লাখ ধন।
  • কৃষি বিভাগৰ চৰম অৱহেলা আৰু দুৰ্নীতিৰ ফলত ভুৱা হিতাধিকাৰীয়ে লাভ কৰিছে এই আঁচনিৰ ধন।
  • মানকাচাৰ জিলাত পি এম কিষান আঁচনিৰ প'ৰ্টেলত সোমাল প্ৰায় ২০ হেজাৰ হিতাধিকাৰীৰ নাম।
  • এই ২০ হাজাৰ হিতাধিকাৰীৰ ভিতৰত জিলা খনৰ হিতাধিকাৰী মাত্ৰ ৪ হাজাৰ মান হোৱাৰ বিপৰীতে আন জিলাৰ হিতাধিকাৰী সোমাইছে প্ৰায় ১৫ হাজাৰ।
  • উল্লেখ্য, মানকাচাৰত মুঠ কৃষকৰ সংখ্যা প্ৰায় ৪৯ হেজাৰ।
  • ইয়াৰে পি এম কিষান আঁচনিৰ বাবে যোগ্য কৃষকৰ সংখ্যা প্ৰায় ৩২ হেজাৰ।
  • কিন্তু ২০ হেজাৰ ভুৱা কৃষকৰ নাম পি এম কিষানৰ প'ৰ্টেলত সোমোৱাত তৎপৰ হৈছে কৃষি বিভাগ।
  • আৰম্ভ কৰিছে তদন্ত।
  • ইতিমধ্যে জিলা কৃষি বিষয়া মইনুল হকে প্ৰায় ২০ হেজাৰ ভুৱা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে।
  • প্ৰতিগৰাকীৰ ভুৱা হিতাধিকাৰীলৈ প্ৰেৰণ কৰিব জাননী।
  • আঁচনিৰ ধান লাভ কৰা ভুৱা কৃষকে উভতাই দিব লাগিব ধন।
  • অন্যথা লোৱা হ'ব আইনগত ব্যৱস্থা।
  • জিলাখনত এই ভুৱা হিতাধিকাৰী কিদৰে লাভ কৰিলে আঁচনিৰ ধন? সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়া।
  • কোন জড়িত হৈ আছে এই দুৰ্নীতিৰ লগত? প্ৰশ্ন প্ৰকৃত কৃষকৰ লগতে সচেতন ৰাইজৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in