মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ আদৰ্শ, ঈদগাহ মৈদানলৈ যোৱা পথ নিজে কৰিলে মেৰামতি…

মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ আদৰ্শ,  ঈদগাহ মৈদানলৈ যোৱা পথ নিজে কৰিলে মেৰামতি…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ এজন আৰক্ষী বুলিলে আপোনাৰ মনলৈ কি কি কথা আহে। হয় কোনো অপৰাধীক কৰায়ত্ত কৰা নহলে নিশ্চয় ভয় ভয় ভাব হয়। কিন্তু সেই আৰক্ষীয়ে যদি নিজৰ ধনেৰে বোকাময় পথ মেৰামতি কৰি যাতায়তৰ সুবিধা কৰি দিয়ে তেন্তে সেই আৰক্ষী জন সমাজৰ বাবে হৈ পৰে এজন আদৰ্শ।

তেনেই এক ঘটনা আজি সংঘটিত হৈছে মানকাচৰত। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী সাসাপাৰা ঈদগাহ মৈদানলৈ যোৱা একমাত্ৰ পথটো বিগত দুদিন ধৰি হোৱা কিনকিনিয়া বৰষুণৰ বাবে বোকাময় হৈ পৰে। পথচাৰীয়ে এই পথেৰে ইদগাহলৈ যাবলৈ অক্ষম হোৱা পৰিলক্ষিত হৈছিল। তদুপৰি ভাৰত বাংলাদেশ সীমান্তলৈ যোৱা একেখন পথ বোকাময় হৈ সুৰক্ষা বাহিনী সীমান্তলৈ যাতায়ত কৰোতে অসুবিধাৰ সম্মুখীন হৈছে।

এনে পৰিস্থিতিৰ মাজত স্থানীয় জনপ্ৰতিনিদিয়ে হওক বা জিলা প্ৰশাসন হওক , বা চৰকাৰেই হওক, কোনেও কিন্তু পথটো মেৰামতি কৰাৰ বাবে গুৰুত্ব নিদিলে। ইফালে ইছলাম ধৰ্মালম্বী লোকৰ বাবে আগন্তক এটা দিন পিছতেই অনুষ্ঠিত হব ইদুল ফিতৰৰ ঈদ। এই ঈদৰ বাবে নামাজ আদায় কৰিবলৈ ইছলাম ধৰ্মৰ লোক সকলে ইদগাহলৈ যাব। কিন্তু ঈদগাহলৈ যোৱা পথ বোকাময় হৈ পৰাত যাতায়ত কৰা অসম্ভৱ যেন হৈ পৰিছিল।

এনে পৰিস্থিতিৰ মাজত আজি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বৰষুণৰ মাজতেই বোকাময় পথৰ ওপৰত নিজৰ টকাৰে মাটি পেলোৱাৰ লগতে পথৰ ওপৰত জমা হৈ থকা পানী নিষ্কাক্ষণ কৰাৰ বাবে কেইবাজনো শ্ৰমিক লগাই দি পথ মেৰামতি কৰা পৰিলক্ষিত হয়। আৰক্ষী বিষয়া বিনোদ কুমাৰ দাস এগৰাকী হিন্ধু নাগৰিক হৈও এইদৰে ঈদৰ প্ৰতি লক্ষ্য ৰাখি ঈদগাহ আৰু সীমান্তলৈ যোৱা পথ মেৰামতি কৰা ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আৰু তেওঁ হৈ পৰিছে এজন আদৰ্শ ব্যক্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in