মানকাচৰত ছ’চিয়েল মিডিয়াত যুৱতীক লৈ অশ্লীল অপপ্ৰচাৰ, গ্ৰেপ্তাৰ যুৱক…

মানকাচৰত ছ’চিয়েল মিডিয়াত যুৱতীক লৈ অশ্লীল অপপ্ৰচাৰ,  গ্ৰেপ্তাৰ যুৱক…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী মানকাচৰত এগৰাকী ১৭ বছৰীয়া যুৱতীৰ বিৰুদ্ধে চুবুৰীয়া লম্পট যুৱক এজনে ছ'চিয়েল মিডিয়াত বিভিন্ন অশ্লীল অপপ্ৰচাৰ কৰাৰ লগতে সময়ে সময়ে উঠাই নি হত্যা কৰা ভাবুকি দিয়া ঘটনাক কেন্দ্ৰ কৰি ভুক্তভুগী যুৱতীগৰাকীৰ পৰিয়াল আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পাছত দেওবাৰৰ ৰাতিপুৱাৰ ভাগত আৰক্ষীয়ে লম্পট যুৱকটোক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে মানকাচৰৰ চহৰৰ কাষতে থকা কালোঘাট-ঘোষপাৰা গাঁৱৰ ১৭ বছৰীয়া এগৰাকী যুৱতীক চুবুৰীয়া সুধিৰ ঘোষৰ পুত্ৰ প্ৰশান্ত ঘোষ (১৯) নামৰ লম্পট যুৱক জনে দীৰ্ঘ দিনৰ পৰা ছ'চিয়েল মিডিয়াত অশ্লীল অপপ্ৰচাৰ চলাই আহিছে। যুৱতী গৰাকীয়ে জানিবলৈ দিয়া মতে দীৰ্ঘ দিনৰ পৰা বলপূৰ্বক ভাবে যুৱতী গৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল যদিও যুৱতী গৰাকী অস্বীকাৰ কৰাৰ ফলত তেওৰ ফটো ফেচবুক, হোৱাটছ এপৰ পৰা সংগ্ৰহ কৰি ছোচিয়েল মেডিয়াত যুৱতী গৰাকীক চৰিত্ৰহীন বুলি পৰিচয় দি অশ্লীল অপপ্ৰচাৰ চলাই একপ্ৰকাৰে ব্লেকমেইলিং কৰি আহিছে।

কেৱল এয়াই নহয়, মানকাচৰ এইগৰাকী যুৱতীৰ সৈতে কোনোবা নৈশ যাপন কৰিলে যুৱতী গৰাকীৰ নম্বৰ ফেচবুকত দি যোগাযোগ কৰাৰ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ পোৱা গৈছে। এফালে যুৱতী গৰাকীৰ বিৰুদ্ধে ছোচিয়েল মেডিয়াত অশ্লীল অপপ্ৰচাৰ আনফালে প্ৰেম নকৰিলে যিকোনো সময়ত ঘৰৰ পৰা উঠাই নি হত্যা কৰি পেলাই দিয়াৰ ভাবুকি দি অহাৰ ফলত উপায়ন্তৰ হৈ যুৱতী গৰাকীৰ পৰিয়ালে প্ৰায় দুই মাহ পূৰ্বে মানকাচৰ থানাত এটি এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তীত মানকাচৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে যদিও স্থানীয় গাওবাসীয়ে গোচৰটো পঞ্জীয়ন নকৰিবলৈ আৰক্ষীক অনুৰোধ জনাই গাও সভা পাতি যুৱতী গৰাকীক ভৱিষতে হাৰাশাস্তি নকৰিব বুলি গাও সভাত প্ৰতিশ্ৰতি দিয়াৰ পাছত ভূক্তভূগী যুৱতীৰ পৰিয়ালটো গোচৰ উঠাই নিয়ে।
ইফালে গাও সভাৰ পিছত মীমাংসালৈ অহাৰ দুই মাহ মান পাৰ নহওতেই পুনৰবাৰ যুৱতী গৰাকীক একে প্ৰকাৰে নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে।

যুৱতী গৰাকীক বাৰে বাৰে হত্যা কৰাৰ ভাবুকি দিয়াৰ ফলত পুনৰবাৰ গাওবাসীৰ কাষ চাপে যুৱতী গৰাকী। ফলত গাওবাসীয়ে আৰু দ্বিতীয় বাৰৰ বাবে মিমাংসা কৰিব নোৱাৰে বুলি কৈ গোচৰ দিবলৈ কোৱাত যোৱা ৯ আগষ্ট তাৰিখে ভূক্তভূগী যুৱতী তথা তেওৰ পৰিয়াল সাংবাদিকৰ কাষ চাপে। যুৱতী গৰাকীৰ ন্যায় বিচাৰি সাংবাদিকৰ দল এটা ভুক্তভুগী পৰিয়ালটোৰ সৈতে জিলা আৰক্ষী আধীক্ষক কংকন জ্যোতি শইকীয়াৰ ওচৰত অভিযোগ দিয়াৰ লগতে এটি এজাহাৰ দাখিল কৰা হয়। ফলত আৰক্ষী অধীক্ষক জনে উক্ত গোচৰটো মানকাচৰ থানালৈ প্ৰেৰণ কৰাত মানকাচৰ আৰক্ষী দেওবাৰে পুৱা প্ৰায় ১০ বজাত মানকাচৰ চহৰৰ পৰা লম্পট যুৱকটোক কৰায়ত্ব কৰি থানালৈ আনে।

আৰক্ষীয়ে ইতিমধ্যে যুৱকটোক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণৰ যাৱতীয় ব্যৱস্থা হাতত লৈছে বুলি জনা গৈছে। মন কৰিবলগীয়া বিষয়টো এয়া যে এইগৰাকী লম্পট যুৱকৰ সৈতে যুৱতী গৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল বুলি এটা চক্ৰই দাবী কৰা পৰিলক্ষিত হৈছে। কিন্তু প্ৰকৃত ঘটনা কি সেয়া আৰক্ষীৰ তদন্তৰ পাছতে পোহৰলৈ আহিব যদিও যুৱতী গৰাকীৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত এইদৰে অপপ্ৰচাৰ চলোৱাৰ সাহস লম্পট যুৱকটো কৰ পৰা পালে সেয়া অতি গুৰুত্বপূৰ্ণ বিষয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in