অপহৰণৰ নামত নাটক, ৫ লাখ টকাৰ লোভত নিজকে নিজে অপহৰণ কৰিছিল মানকাচৰৰ ব্যৱসায়ীয়ে, VIDEO

অপহৰণৰ নামত নাটক, ৫ লাখ টকাৰ লোভত নিজকে নিজে অপহৰণ কৰিছিল মানকাচৰৰ ব্যৱসায়ীয়ে, VIDEO
  • পাঁচ লাখ টকাৰ লোভত নিজকে নিজে অপহৰণ।
  • একাংশ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰি মেঘালয়লৈ কাজু কিনিবলৈ যোৱাৰ নাটকৰ অন্ত পৰিল।
  • উল্লেখযোগ্য যে, মানকাচৰ থানা এলেকাৰ সোনাপূৰ গাঁৱৰ ছামিৰুল ইছলাম নামৰ ব্যৱসায়ীজন যোৱা ৩০ এপ্ৰিল তাৰিখে মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ ডালুত অপহৰণ হোৱা বুলি খবৰ বিয়পিছিল।
  • পৰিয়ালৰ লোকে দাবী কৰিছিল অপহৰণ হোৱাৰ কথা।
  • কিন্তু সেয়া আছিল এক বৃহৎ নাটক।
  • ব্যৱসায়ীজনে আন একাংশ সহযোগী ব্যৱসায়ীৰ পৰা মেঘালয়ত কাজু কিনিবলৈ যোৱাৰ কথা কৈ সংগ্ৰহ কৰিছিল প্ৰায় ৫ লাখ টকা।
  • পাঁচ লাখ টকাৰ লোভত পৰি পৰিয়ালৰ সৈতে কৰিছিল এক বৃহৎ নাটক।
  • পত্নীৰ হাতত ৪.৫ লাখ টকা যি ব্যৱসায়ীজন মেঘলায়লৈ গৈছিল।
  • তাত নিজৰ মোবাইল অফ কৰি অপহৰণ হোৱা বুলি প্ৰচাৰ কৰিছিল।
  • ঘটনাক লৈ একাংশলোকে মেঘালয় থানাত এজাহাৰ দিছিল।
  • উগ্ৰপন্থীয়ে অপহৰণ কৰা বুলি এজাহাৰ দিয়াৰ পাছত মেঘালয় আৰক্ষীৰ লগতে মানকাচৰ আৰক্ষী চিন্তাত পৰিছিল।
  • পাঁচ লাখ টকা উগ্ৰপন্থীয়ে লুটি নিয়াৰ লগতে ব্যৱসায়ীজনক অপহৰণ কৰা বুলি দাবী কৰিছিল।
  • কিন্তু অপহৰণ হোৱা বুলি নাটক কৰা এই কুখ্যাত ব্যৱসায়ী ছামিৰুলক বৃহস্পতিবাৰে বিয়লি মেঘালয়ৰ বাঘমাৰাৰ পৰা আটক কৰে।
  • বজাৰত ঘূৰি থকা অৱস্থাত তেওঁক আৰক্ষীয়ে আটক কৰে।
  • তাৰ পাছতেই পোহৰলৈ আহে অপহৰণৰ প্ৰকৃত ৰহস্য।
  • মেঘালয় আৰক্ষীৰ অভিযানৰ ফলত নাটকীয় অপহৰণ পোহৰলৈ অহাৰ পাছত টকাখিনি উদ্ধাৰ কৰিবলৈ নিশা প্ৰায় ১১ বজাত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত ছামিৰুলৰ ঘৰত অভিযান চলায়।
  • ঘৰত পত্নীৰ হাতত জমা থোৱা ধন বিচাৰি অভিযান চলায় আৰক্ষীয়ে।
  • মহিলাগৰাকীয়ে নিজৰ মাতৃ গৃহত লুকুৱাই ৰাখিছিল টকাখিনি।
  • সেই কথা জানিব পাৰি পেছাৰ কান্ধি গাঁৱত ছামিৰুলৰ শশুৰৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৪ লাখ ৪৮ হেজাৰ টকা।
  • টকাখিনি আৰক্ষীয়ে জব্দ কৰাৰ পিছতে ছামিৰুলক মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in