কোৰোনাত আক্ৰান্ত মানকাচৰৰ মৌলানা আশ্রাফ আলীয়ে কৰি আছিল আত্মগোপন, এতিয়াও লুকাই আছে আন ৪জন

কোৰোনাত আক্ৰান্ত মানকাচৰৰ মৌলানা আশ্রাফ আলীয়ে কৰি আছিল আত্মগোপন, এতিয়াও লুকাই আছে আন ৪জন

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা ৯ জনৰ ভিতৰত পাঁচজন লোক আৰু দিল্লী ভ্ৰমণত যোৱা আন ৩জনসহ মুঠ ৮ জন লোকক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই আইছ'লেশ্যনত ৰখা হৈছিল। ইয়াৰে শুকুৰবাৰে বিয়লি ৫ বজাত ৩ জন লোকৰ তেজৰ ফলাফল পোহৰলৈ আহিছে। ইয়াৰে দিল্লী নিজামুদ্দিনত যোৱা এজনৰ দেহত কোৰোনা থকাৰ কথা নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে। উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা মাত্ৰ প্ৰায় ডেৰ কিলোমিটাৰ নিলগত থকা সুখচৰ থানা এলেকাৰ পুৰাণ সুখচৰ গাঁৱৰ মৌলানা অশ্ৰাফ আলী (৩৮) নামৰ লোকজনৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ।

লোকজনে নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতত অংশগ্ৰহণ কৰিছিল। জানিব পৰা মতে যোৱা ২৩ মাৰ্চ তাৰিখে লোকজন দিল্লীৰ পৰা ঘৰলৈ উভতি আহিছিল। ঘৰলৈ অহাৰ পাছত তেওঁৰ দেহত কোনো ৰোগৰ লক্ষণ দেখা পোৱা নাছিল। ইফালে লকডাউন দিয়াৰ লগতে নিজামুদ্দিনৰ ঘটনা পোহৰলৈ অহাৰ পাছত মৌলানাজনে ভয়ত দুদিন চুবুৰীয়া আত্মীয়ৰ ঘৰত আত্মগোপন কৰি আছিল। কিন্তু পৰিস্থিতি অতি ভয়ংকৰ হোৱাৰ পিছত অৱশেষত দুদিন পূৰ্বে তেওঁ নিজে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰে। ইয়াৰ পাছতে তেওঁৰ তেজৰ নমুনা সংগ্ৰহ কৰি জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছিল। শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰযোগে দক্ষিণ শালমাৰাৰ এজনৰ গাত কোৰোনা থকা বুলি নিশ্চিত কৰিছে। ইয়াৰ পাছতে মহকুমা চিকিৎসা বিষয়া চিৰাজুল ইছলামে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সাংবাদিকৰে হোৱা টেলিফোনিক বার্তালাপত আশ্ৰাফ আলীৰ গাত কোৰোনা থকা বুলি নিশ্চিত কৰে।

মন কৰিবলগীয়া যে, মৌলানাগৰাকীয়ে নিজামুদ্দিনৰ পৰা আহি নিজৰ গাঁৱত থকা এটা স্থানীয় মছজিদত শুকুৰবৰীয়া নামাজ পঢ়াইছিল। সেই নামাজত প্ৰায় ১০/১২ জন লোক উপস্থিতি আছিল। ইফালে ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা লোকজনৰ পৰিয়ালক আইছ'লেশ্যনত ৰখাৰ বাবে ব্যৱস্থা হাতত লৈছে। আনহাতে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলৰ ক্ষেত্ৰত জিলা প্ৰশাসন বা স্বাস্থ্য বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

মন কৰিবলগীয়া যে, চৰকাৰী তথ্য মতে জিলাখনত মুঠ ৯ জন লোক নিজামুদ্দিনৰ পৰা আহিছে। তাৰে মাত্ৰ ৫জনকহে এতিয়ালৈ আইছ'লেশ্যনত ৰখা হৈছে। আনহাতে এগৰাকী মহিলাসহ আন ৪জন লোকে এতিয়াও আত্মগোপন কৰি আছে। তেঁওলোকৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in