মানকাচৰত ট্ৰাকৰ খুন্দাত নিহত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী

মানকাচৰত ট্ৰাকৰ খুন্দাত নিহত  মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ চহৰত ট্ৰাকৰ খুন্দাত মহাবিদ্যালয়ৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নিহত হোৱা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। উল্লেখযোগ্য যে, শনিবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত মানকাচৰ সাহাপাৰা গাঁৱৰ বাসিন্দা তথা মানকাচৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শিৱ ৰঞ্জন সাহা (৬৮) বজাৰৰ পৰা ঘৰলৈ উভতি যোৱা সময়ত এএছ-১৮-চি-৩৩৫৪ নম্বৰৰ এখন ট্ৰাকে খুন্দা মাৰে।

ফলত লোকজন গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। লগে লগে লোকজনক মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও অৱস্থা সংকটজনক দেখি চিকিৎসকে তুৰালৈ প্ৰেৰণ কৰে। ফলত তেওঁক তুৰালৈ নি থকা অৱস্থাত আধা বাটতে মৃত্যু মুখত পৰে। অৱসৰপ্ৰাপ্ত মহাবিদ্যালয়ৰ কৰ্মচাৰী জন এইদৰে দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। ইফালে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খন জব্দ কৰাৰ লগতে লোকজনক মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in