মানকাচৰৰ সুখচৰ ফাততাপাৰাত চিলিণ্ডাৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ড

মানকাচৰৰ সুখচৰ ফাততাপাৰাত চিলিণ্ডাৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ড

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ ফাততাপাৰা গাঁৱৰ ৰহিম আলিৰ ঘৰত শনিবাৰে নিশা প্ৰায় ৭ বজাত চিলিণ্ডাৰ বিস্ফোৰণ হৈ দুটা ঘৰ, বাইক, নথি পত্ৰসহ প্ৰায় ৫ লক্ষাধিক টকাৰ ক্ষতিসাধন হয়। উল্লেখযোগ্য যে, ৰহিম আলিৰ পত্নীয়ে পাক ঘৰত ৰান্ধিবলৈ গেছৰ চুলা জ্বলাই ঘৰৰ বাহিৰলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়।

ভাগ্যক্ৰমে ৰহিম আলিৰ পত্নীৰ প্ৰাণ ৰক্ষা পৰে যদিও এখন পালছাৰ বাইক, দুটা ঘৰ, নথি পত্ৰসহ সকলো সামগ্ৰী জ্বলি ভস্মীভূত হয়। ইফালে সকলো সামগ্ৰী জ্বলি নষ্ট হোৱাৰ কিছু সময় পাছত হাটশিঙিমাৰী অগ্নি নিৰ্বাপন বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in