মানকাচৰৰ ঝাউডাঙ্গাত প্ৰশাসনৰ উচ্ছেদ, ১১ টা পৰিয়ালৰ দখলত থকা হাইস্কুলৰ ভূমি বেদখল মুক্ত

মানকাচৰৰ ঝাউডাঙ্গাত প্ৰশাসনৰ উচ্ছেদ, ১১ টা পৰিয়ালৰ দখলত থকা হাইস্কুলৰ ভূমি বেদখল মুক্ত

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ ঝাউডাঙ্গা হাই স্কুলৰ খেলপথাৰৰ মাটি অবৈধভাবে দখল কৰা ব্যক্তিৰ পৰা বুধবাৰে মানকাচৰ চক্ৰ বিষয়াৰ নেতৃত্বত আৰক্ষীয়ে বেদখলমুক্ত কৰে।

উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰা ঝাউডাঙ্গা চৰকাৰী হাই স্কুলৰ খেলপথাৰৰ পূৱ প্ৰান্তৰ উত্তৰ ফালৰ পৰা দক্ষিণ ফাললৈ প্ৰায় ১০ ফুট মাটি ৰফিয়েল হক, নজৰুল ইছলাম, কোবাদ হুছেইন, গেল্লা সেখ, ইনতাজ আলী, নুৰ ইছলাম, তালেবুল ইছলাম, আলী হুছেইন, মনিৰুল ইছলাম, ছাইফুল ইছলাম আৰু হবিবৰ ৰহমান নামৰ ‍১১ গৰাকী ব্যক্তিয়ে দখল কৰি ঘৰ বাৰি , পকী দেয়াল আদি নিৰ্মাণ কৰিছিল। উক্ত স্কুল খনৰ পৰিচালনা সমিতিৰ ফালৰ পৰা উক্ত ব্যক্তি সকলোক বাৰম্বাৰ মাটি খিনি বেদখলমুক্ত কৰাৰ দাবী কৰি আহিছিল যদিও লোক সকলে স্কুল কতৃপক্ষক গুৰুত্ব দিয়া নাছিল।

ফলত স্কুল পৰিচালনা সমিতি, গাওঁ পঞ্চায়তৰ সভাপতি, ঝাউডাঙ্গা ক্লাব, ৰাঙাপানী সমাজ কল্যাণ সমীতিয়ে মাটি খিনি বেদখলমুক্ত কৰাৰ বাবে মানকাচৰ চক্ৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰে। উক্ত অভিযোগৰ ভিত্তীত আজি মানকাচৰ ৰাজহ চক্ৰ বিষয়া আদিত্য বৰাৰ নেতৃ্ত্বত মানকাচৰ আৰক্ষী চক্ৰ বিষয়া , মানকাচৰ আৰক্ষী থানাৰ ভৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসকে ধৰি আৰক্ষী-বেটেলিয়ানৰ সহযোগত এফালৰ পৰা স্কুল খনৰ মাটি খিনি বেদখল মুক্ত কৰা হয়।

আনহাতে সুখচৰৰ ফাত্তাপাৰাতো অহা কালি পথৰ ওপৰত অবৈধ ভাবে দোকান ঘৰ নিৰ্মাণ কৰা বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে উচ্ছেদ অভিযান চলাব বুলি জানিব পৰা গৈছে। হাটশিঙিমাৰী-খোপাতীয়া গড়কপ্তানী পথৰ ফাত্তাপাৰাত এটা চক্ৰই অবৈধ ভাবে দোকান তুলি পথৰ মাটি বেদখল কৰি থকাৰ অভিযোগ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in