মেঘালয়ত পুনৰ অসমৰ ব্যৱসায়ীক নগদ পাঁচ লাখ টকাসহ অপহৰণঃ আৰক্ষীৰ অনুসন্ধান আৰম্ভ

মেঘালয়ত পুনৰ অসমৰ ব্যৱসায়ীক নগদ পাঁচ লাখ টকাসহ অপহৰণঃ আৰক্ষীৰ অনুসন্ধান আৰম্ভ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰৰ ডালুত পুনৰ এজন কাজু ব্যৱসায়ীক উগ্ৰপন্থীয়ে নগদ পাঁচ লাখ টকা সহ অপহৰণ কৰাৰ খবৰ পোৱা গৈছে। উল্লেখ্য যে, শুকুৰবাৰে পুৱাৰ ভাগতে মানকাচৰ থানা এলেকাৰ সোনাপূৰ গাঁৱৰ ছামিৰুল ইছলাম (৩৬) নামৰ কাজু ব্যৱসায়ী জন মেঘালয়ত অপহৰণ হয়। তেওঁ দীৰ্ঘদিনৰ পৰা মেঘালয়ৰ গাৰো পাহাৰৰ পৰা কাজু ক্ৰয় কৰি অসমলৈ আনি ব্যৱসায় কৰি আহিছিল।

শুকুৰবাৰে উগ্ৰপন্থীৰ দল এটাই কাজু বিক্ৰী কৰিব বুলি কৈ ধন লৈ যাবলৈ কয়। অতি কৌশলেৰে ব্যৱসায়ী জনক কাজু বিক্ৰী কৰাৰ কথা কৈ নগদ পাঁচ লাখ টকাসহ অপহৰণ কৰে। ঘটনাৰ পাছতেই বিষয়টো মেঘলায় আৰক্ষীক অৱগত কৰা হয়। ইয়াৰ পাছতেই মেঘালয় আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে।

মন কৰিবলগীয়া যে নিৰ্বাচনৰ পূৰ্বেও মেঘালয়ৰ গাৰো পাহাৰত অসমৰ কেবাজনো লোক অপহৰণ হৈছিল। ইয়াৰে দূজনৰ মৃত্যুদেহ উদ্ধাৰ হোৱাৰ লগতে লাখ লাখ টকাৰ বিনিময়ত আন কেবাজনক মুকলি কৰি দিয়া হৈছে।

ইফালে নিৰ্বাচনৰ সময়ত মিত্ৰজোটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ মানকাচৰৰ জনসভাত মেঘালয়ৰ মন্ত্ৰী এজনে মেঘালয়ত অসমৰ ব্যৱসায়ী নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তাৰ পাছতো শুকুৰবাৰে পুনৰ উগ্ৰপন্থীয়ে ব্যৱসায়িক অপহৰণ কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অপহৰণ সম্পৰ্কে পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত মুখ খোলা নাই যদিও অপহৰণ হোৱাটো পৰিয়ালৰ লোকে নিশ্চিত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in