প্ৰতিৰক্ষা মন্ত্ৰীৰ কনভয়ৰ সন্মুখত থিয় হ’ল যুৱক, ক’লে- আধাৰ কাৰ্ডত নাম সলনি কৰিব লাগে…

প্ৰতিৰক্ষা মন্ত্ৰীৰ কনভয়ৰ সন্মুখত থিয় হ’ল যুৱক, ক’লে- আধাৰ কাৰ্ডত নাম সলনি কৰিব লাগে…

ডিজিটেল ডেস্কঃ মঙলবাৰে দিল্লীতত সংঘটিত হয় একআজৱ ঘটনা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ কনভয়ৰ দিশে দৌৰ মাৰে। আৰু এই ঘটনাৰ পাছতসকলো আচৰিত হৈ পৰে। ৰাজধানী চহৰ দিল্লীৰ বিজয় চকেৰে যেতিয়া প্ৰতিৰক্ষামন্ত্ৰীগৰাকীৰ কনভয় আগবাঢ়ে তেতিয়া এই ব্যক্তিজনে পথৰ কাষৰ পৰা তেওঁলোকৰ দিশে দৌৰিকনভয়ৰ সন্মুখত থিয় হয়।

জানিব পৰা মতে, আৰক্ষীয়ে ইতিমধ্যেএই ব্যক্তিজনক আটক কৰি লৈ গৈছে আৰক্ষী থানালৈ। এজন আৰক্ষী বিষয়াই সদৰী কৰা মতে,মঙলবাৰে দিনৰ প্ৰায় ১ বজাত সংঘটিত হয় এই ঘটনা। লোকজন প্ৰথমে পথৰ কাষত থিয় হৈ আছিল।কিন্তু যেতিয়াই প্ৰতিৰক্ষামন্ত্ৰীগৰাকীৰ কনভয় সেই পথটোৰে আগবাঢ়ে তেতিয়া লোকজনেএনেদৰে হঠাৎ দৌৰি আহে কনভয়ৰ দিশে।

লোকজন হঠাৎ কনভয়ৰ দিশে আগবাঢ়িঅহা দেখি নিৰাপত্তাৰক্ষীয়ে গাড়ীৰ পৰা নামি তেওঁক আটক কৰে। তাৰপাছতেই ঘটনাস্থলীতউপস্থিত হয় স্থানীয় আৰক্ষীৰ লোক। আৰক্ষীৰ তদন্তত লোকজন মানসিকভাৱে বিকাৰগ্ৰস্তবুলিও সন্দেহ ব্যক্ত কৰাৰ লগতে জনাই যে, ৩৫ বছৰীয়া এই লোকজন উত্তৰপ্ৰদেশৰ কুশ্বিনগৰৰনিবাসী।

কিন্তু এই ঘটনাৰ মূল কাৰণ জানিবলৈপাই হতভম্ব হৈ পৰে আৰক্ষী। আৰক্ষীৰ তদন্তত আটকাধীন লোকজনে জনাই যে, তেওঁ আধাৰ কাৰ্ডতনিজৰ নাম সলনি কৰিব বিচাৰে। আৰু বিগত কিছুদিন ধৰি তেওঁ ৰেল ষ্টেচনতে বাস কৰিআহিছে। বৰ্তমান আৰক্ষীয়ে ব্যক্তিজনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা অব্যাহতৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in