মনজিৎ মহন্তৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ…

মনজিৎ মহন্তৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ…
  • চাবুৱাৰ পানীতোলাত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ৰ বিৰুদ্ধে কৰা এখন গণ সমাৱেশৰ বক্তব্যৰ আলমত মনজিত মহন্তৰ বিৰুদ্ধে তিনিচুকীয়া থানাত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে ৷
  • Cr PC ৰ 120 (B), 121 (A), 121, 294, 353, 505, আৰু 34 ধাৰাৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছে।
  • ১৮ ফেব্ৰুৱাৰী তাৰিখে ডাকযোগে এখন জাননীৰ জৰিয়তে ২০ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত গুৱাহাটীৰ গীতানগৰ থানাত সোধা-পোছাৰ বাবে হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল৷
  • বৃহস্পতিবাৰে গীতা নগৰ থানাত মহন্ত উপস্থিত হয় যদিও জাননীখনৰ কিছু বিসংগতিৰ বাবে পাছত পুনৰ তলব কৰাৰ কথা জনালে আৰক্ষীয়ে।
  • তিনিচুকীয়াৰ তদন্তকাৰী বিষয়াগৰাকীয়েও মহন্তক ফোন কৰি পুনৰ আইনী জাননী প্ৰেৰণ কৰা জনাইছে বুলি সংবাদমাধ্যমক ব্যক্ত কৰে মহন্তই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in