এতিয়ালৈকে মুখত হাঁহি বিৰিঙা নাই চিছোদিয়াৰ…

এতিয়ালৈকে মুখত হাঁহি বিৰিঙা নাই চিছোদিয়াৰ…

ডিজিটেল ডেস্কঃ অৰবিন্দ কেজৰিৱালকে ধৰি আপৰ আন নেতৃত্ব তথা সমৰ্থকৰ মাজত আনন্দ মুখৰ পৰিৱেশে বিৰাজ কৰিলেও এতিয়ালৈকে মুখত হাঁহি বিৰিঙা নাই আপৰ সংকটমোচকৰ ৰূপত অৱতীৰ্ণ হোৱা উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়াৰ। আৰু মাত্ৰ ৪টা ৰাউণ্ডৰ ভোট গণনা বাকী থকাৰ অন্তত ১ হাজাৰৰো অধিক ভোটত পিছত পৰি আছে মণীষ চিছোদিয়া।

প্ৰতাপগঞ্জ বিধানসভা সমষ্টিত এই পৰ্যন্তলৈকে ৯১,৩২৯টা ভোটৰ গণনা হৈছে। ইয়াৰে বিজেপি প্ৰাৰ্থী ৰবীন্দ্ৰ সিং নেগীয়ে ৪৪,৭৯৭টা ভোট লাভ কৰাৰ বিপৰীতে চিছোদিয়াই লাভ কৰিছে ৪৩,৬০৯টা ভোট। কংগ্ৰেছ প্ৰাৰ্থী লক্ষ্মন ৰাৱটে লাভ কৰিছে ১৬৯৮টা ভোট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in