মণিপুৰ বিশ্ববিদ্যালয়ত ন-পুৰণি চিনাকি অনুষ্ঠান-বিদায় সভা

মণিপুৰ বিশ্ববিদ্যালয়ত ন-পুৰণি চিনাকি অনুষ্ঠান-বিদায় সভা

ডিজিটেল সংবাদ, ইম্ফলঃ দেওবাৰে মণিপুৰৰ অসমীয়া সাংস্কৃতিক সংঘৰ উদ্যোগত মণিপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাংগনত এখনি ন-পুৰণি চিনাকি অনুষ্ঠান আৰু বিদায় সভা অনুষ্ঠিত হয়। মণিপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ৱাজিৰৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনৰ আঁত ধৰে বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ ছাত্ৰী কৃষ্ণালী শইকীয়াই।

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আই আই আই টিৰ ড০ শিৱাচিত বৰাই। অসমীয়া সাংস্কৃতিক সংঘৰ সভানেত্ৰী জাহ্নৱী বৰুৱা আৰু তেওঁৰ স্বামী মণিপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ইৰম গম্ভীৰ সিং, অসমৰ অনাতাঁৰ শিল্পী সন্ধ্যাশ্ৰী শইকীয়া দুটি সুন্দৰ গীত আৰু আই অাই টিৰ ড০ ভাৰ্গৱ ডেকাৰ কবিতা পাঠে অনুষ্ঠানটিক অন্য এক মাত্রা প্ৰদান কৰে।

মণিপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন গীত-মাত-কথাৰে অনুষ্ঠানটিৰ সৌষ্ঠ্যৱ বৃদ্ধি কৰে। শলাগৰ শৰাই আগবঢ়ায় মণিপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ ছাত্ৰ জীৱন শইকীয়াই। উল্লেখ্য যে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এটি প্ৰীতি ভোজৰো আয়োজন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in