মণিপুৰৰ উখৰুল-ম্যানমাৰ সীমান্তত এনএছচিএন (আই এম)ৰ শিবিৰত ম্যানমাৰ সেনাৰ অভিযানত ৩ বিদ্ৰোহী নিহত, আহত ১২, বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

মণিপুৰৰ উখৰুল-ম্যানমাৰ সীমান্তত এনএছচিএন (আই এম)ৰ শিবিৰত ম্যানমাৰ সেনাৰ অভিযানত ৩ বিদ্ৰোহী নিহত, আহত ১২, বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

ডিজিটেল সংবাদ, ৱাখাঃ পুনৰ ৰক্তাক্ত হোৱাৰ সম্ভাৱনা আছে উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্য নাগালেণ্ড। ভাৰত চৰকাৰ আৰু নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ মাজত চূড়ান্ত নগা চুক্তি স্বাক্ষৰৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে হৰ্ঠাতে বিগত দুটা দিনত চুবুৰীয়া ম্যানমাৰত বাৰ্মীজ সেনাই এন এছ চি এন ইছাক মুইভা গোটৰ বিৰুদ্ধে ব্যাপক অভিযান চলায়। উল্লেখ্য যে, কিছুদিনৰ পৰা নগা বিদ্ৰোহী সংগঠন সমূহে যুদ্ধ বিৰতি চুক্তিৰ গ্ৰাউণ্ড ৰুল ভংগ কৰি নতুন সদস্য ভৰ্তি কৰাই সামৰিক প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰাৰ সময়তে মণিপুৰৰ উখৰুলৰ ম্যানমাৰ সীমান্তত দেওবাৰে বাৰ্মীজ সেনাই অতি গোপনে বৃহৎ অভিযান চলাই এন এছ চি এন আই এমৰ ৩ জন দুৰ্ধষ কেডাৰ নিহত কৰাৰ লগতে অন্য ১২ জন বিদ্ৰোহী আহত কৰা হোৱা বুলি জানিব পৰা গৈছে।

অৱশ্যে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইছাক মুইভা গোটে বাৰ্মীজ সেনাৰ অভিযান আৰু কেডাৰ হতাহত হোৱা সন্দৰ্ভত এতিয়ালৈ একো তথ্য প্ৰকাশ কৰা নাই। এক সূত্ৰই প্ৰকাশ কৰা মতে ম্যানমাৰ ছাগাইঙি আৰু মণিপুৰ সীমান্তত বিদ্ৰোহী শিবিৰত অতি গোপনে এই অভিযান আৰম্ভ কৰে। এই অভিযানত সেনাই বিদ্ৰোহীৰ ঘাটিৰ পৰা এটা এণ্টি এয়াৰ ক্ৰাফ্ট মিছাইল অৰ্থাৎ বিমান বিধ্বংসী ক্ষেপণাস্ত্ৰসহ বৃহৎ সংখ্যক স্বয়ংক্ৰিয় অস্ত্ৰৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

তদুপৰি সেনাই এন এছ চি এনৰ শিবিৰৰ পৰা নগদ ৩.৭০ কোটি টকা জব্দ কৰে। উল্লেখ্য যে, সীমান্তত সেনাৰ এই অভিযান যোৱা ১৯ নবেম্বৰ পৰা ২৪ নবেম্বৰলৈ চলিছিল। মঙলবাৰে এন এছ চি এন (আই এম)ৰ শিবিৰৰ পৰা উদ্ধাৰ কৰা বৃহৎ সংখ্যক মাৰণাস্ত্ৰসমূহ প্ৰদৰ্শন কৰে। ইফালে ম্যানমাৰ সেনা আৰু বিদ্ৰোহীৰ মাজত চলি থকা প্ৰতি অভিযানৰ মাজতে মঙলবাৰে এন এছ চি এন মুৰব্বী থুইংগালেং মুইভা বিমানেৰে আহি ডিমাপুৰত উপস্থিত হয়।

উল্লেখ্য যে, ভাৰত চৰকাৰৰ সৈতে বিগত ৭ দশকজোৰা নগা ৰাজনৈতিক সমস্যাৰ সমাধান চূড়ান্ত পৰ্যায়ত উপনিত হৈছে যদিও নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধানৰ দাবী অন্তৰ্ভুক্ত কৰিবলৈ হেঁচা দিয়াৰ উদ্দেশ্যৰে নতুন কেডাৰভৰ্তি অভিযান অব্যাহত ৰাখিছে। ইফালে সম্প্ৰতি চুবুৰীয়া দেশখনত যাতে নগা বিদ্ৰোহীয়ে আশ্ৰয় ল'ব নোৱাৰে তাৰ বাবে ম্যানমাৰ সেনাই এনেদৰে এন এছ চি এন আই এমৰ বিৰুদ্ধে সামৰিক অভিযান চলাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in